বানপানীত ক্ষতিগ্ৰস্থ ইণ্ডো- বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰ

বানপানীত ক্ষতিগ্ৰস্থ  ইণ্ডো- বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰ

বানপানীত ক্ষতিগ্ৰস্থ ইণ্ডো- বাংলাদেশৰ সীমান্তৰ কাঁটা তাঁৰ । ১৫০ মিটাৰ পানীয়ে উটুৱাই লৈ যায় বানপানীয়ে । দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ আচিমাৰ আলগা অঞ্চলৰ ফেঞ্চিং পানীয়ে উটুৱাই নিয়ে। সীমান্ত সুৰক্ষা বাহিনীৰ বহুতো আউটপষ্ট বানপানীৰ কবলত ।মানকাচৰৰ প্ৰায় প্ৰতিটো গাওঁ পঞ্চায়তৰ এক বৃহৎ এলেকা বানৰ কৱলত পৰি বুৰ যোৱাৰ আশংকাত স্থানীয় ৰাইজৰ মাজত এক আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত কয় যে মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দেশ মৰ্মে মই ইয়াত উপস্থিত হৈছো ৷ বানপানীৰ লগত কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে এক স্পষ্টীকৰণ লোৱাৰ কথাও ব্যক্ত কৰে।লগতে জিলাখনৰ উপায়ুক্ত,জিলা প্ৰশাসনৰ লগত আলোচনা কৰি বানৰ পানীৰ সমস্যাটোক সমাধান কৰাৰ কথাও প্ৰকাশ কৰে ।

লগতে মানকাছাৰৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বান পৰিদৰ্শন কৰাৰ সময়ত জিলা উপায়ুক্ত আতিকা ছুলতানা , বিধায়ক ড° মতিউৰ ৰহমান মণ্ডল , প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ লগতে জিলা প্ৰশাসনক উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল ।

অসমৰ বানাক্ৰান্তলৈ কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বৰ্ষৰ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আধাৰত ২৫১.৫৫ কোটি টকা মোকলাই দিছে। সম্প্ৰতি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলৰ কাৰণে চৰকাৰে পথ,গৰাখহনীয়া,পুনৰ সংস্থাপন আদিৰ কাৰণে ধন মোকলাই দিয়ে।ইফালে অসমত প্ৰলয়ৰ সৃষ্টি কৰা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ৷

ৰাজ্যত বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ পিছত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে আকাশ মাৰ্গৰ পৰা ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷মন্ত্ৰীজনে অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তু,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ভৱেশ কলিতাকে ধৰি চৰকাৰী প্ৰতিনিধি সৈতে পৰ্যালোচনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনক অসমৰ প্ৰতিনিধি বৰ্গই জনায় যে ৩২ খন জিলাৰ ১২৪ টা ৰাজহ চক্ৰৰ ৪৬২০ খন গাঁও বানত আক্ৰান্ত হৈছে ৷ এই পৰ্যন্ত মুঠ ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২ জন লোকৰ ভূমিস্খলনত মৃত্যু বৰণ কৰিছে ৷ এতিয়ালৈকে বানত ৪৪.৯৬ লাখ লোক বানত আক্ৰান্ত হৈছে । আনহাতে এছ ডি আৰ এফ আৰু এন ডি এৰ এফে উদ্ধাৰৰ বাবে নাও সাজু ৰাখিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com