Begin typing your search above and press return to search.

প্ৰলয়ংকাৰী বান: বান বিধস্ত ৰাজ্যত ২২ টা নদী বান্ধ ভাঙিলে বানে

প্ৰলয়ংকাৰী বান: বান বিধস্ত ৰাজ্যত ২২ টা নদী বান্ধ ভাঙিলে বানে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2019 8:39 AM GMT

প্ৰলয়ংকাৰী বানে ৰাজ্যত ২২ টা কৈ নদী বান্ধ ভাঙি নিয়ে। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক জল সম্পদ বিভাগে প্ৰস্তুতি চলাই আছে । কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে, যোৱা বছৰত বানে ২৯ টা নদী বান্ধ ভাঙি নিছিল । ২০১৯-২০ চনত ১২৫ কোটি দিয়া হৈছে । নদী বান্ধ সমুহ মেৰামতিৰ ২০১৯-২০ চনত বানপানী ব্যৱস্থাপনা বিভাগে ৮০.২৪ কোটি অতিৰিক্ত ধন বিচাৰিছে । ব্ৰহ্মপুত্ৰ উপত্যকাৰ নদী বান্ধৰ বাবে ৬৩.৬৩ কোটি আৰু বৰাক উপত্যকাৰ বাবে ১৬.৬১ কোটি নিৰ্ধাৰণ কৰা হৈছে ।

মংগলবাৰে ব্ৰক্ষপুত্ৰৰ পানীয়ে কলিয়াবৰ সমষ্টিৰ বৰঘূলিৰ নদী বান্ধ ভাঙি লৈ যায় । বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে বিভাগক ২৬ জুলাইৰ পৰা বানত ক্ষতিগ্ৰস্থ মেৰামতি কৰাত ব্যয় হোৱা অতিৰিক্ত ব্যয়ৰ তথ্য জমা দিবলৈ কৈছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হৈছে । যোৱা ২৪ ঘন্টাত মায়ং আৰু ধেমাজি দুজন লোকৰ মৃত্যু হৈছে । ভূটানত ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলত নামনি অসমত বান পৰিস্থিতি অপৰিবৰ্তিত। কোকৰাঝাৰ , বেকি, পুথিমাৰিত বৰ্তমানেও জলমগ্ন । ধুবুৰী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰ বৰ্তমানেও বিপদসীমাৰ ওপৰৰে বৈ আছে। আনহাতে কৰিমগঞ্জত কুশিয়াৰা, শোণিতপুৰত জিয়া ভৰলু বিপদসীমাৰ ওপৰৰে বৈছে ।

ৰাজ্যৰ বিধ্বংসী বানত লোকসকলৰ ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ইফালে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰৰ লগত জিয়া ভৰালী ৷ আনহাতে সোমবাৰলৈকে বিশেষকৈ ১৮ খন জিলাৰ ৫৯ ৰাজহ চক্ৰৰ ২২৮৩ খন গাঁৱৰ ৩০,৫৫,৮৩৭ জন ব্যক্তি বানত প্ৰভাৱিত হৈছে ৷ বানত প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা,নলবাৰী, চিৰাংগ,বঙাইগাঁৱ, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ (মেট্ট),মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰ ৷

অৰুনাচল প্ৰদেশ , লক্ষিমপুৰ আৰু ধেমাজি জিলাত ধাৰাষাৰ বৰষুণৰ হোৱাৰ ফলত নদী সমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে । তাৰ ফলত ৰঙানদী জল বিদুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জলপৃষ্ঠ বৃদ্ধি হৈছে ৰঙানদীৰ ।বিগত এসপ্তাহৰ পিছত বানপানীয়ে লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে বৃহস্পতিবাৰে লক্ষীমপুৰৰ ব্ৰহ্মপুত্ৰ,সোৱনশিৰী, ৰঙানদী,কাকৈ,বগীনদী,শিঙাগৰা,পাভা,ডিক্ৰং আৰু ড্ৰপাঙৰ জলস্তৰ হ্ৰাস পায়। ইয়াৰ লগে লগে জিলাখনৰ বান পৰিস্থিতিত কিছু পৰিমাণে সকাহ পাইছে বানাক্ৰান্তই ৷

অধিক খবৰৰ বাবে পঢ়ক: শুৱনশিৰিৰ গৰাখহনীয়া : ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী মিচিং ছাত্ৰ সন্থাৰ

Next Story
চাকৰি