বান বিধস্ত ৰাজ্য: অসমলৈ ৫ কোটিৰ বান সাহাৰ্য্য উত্তৰাখণ্ড চৰকাৰৰ

বান বিধস্ত ৰাজ্য: অসমলৈ ৫ কোটিৰ বান সাহাৰ্য্য উত্তৰাখণ্ড চৰকাৰৰ

বানে কোঙা কৰা ৰাজ্যত এতিয়া চৌদিশে হাহাকাৰ। কিছু কিছু অঞ্চলত পানী কমিছে যদিও নামনি অসমৰ বহু কেইটা অঞ্চলত বৰ্তমানেও পানীৰ তলত । বান বিধস্ত ৰাজ্যলৈ বহু লোকে সাহাৰ্য্য আগবঢ়োৱাৰ লগতে বহুতো তাৰকায়ে অসমক সহায় কৰিবলৈ আহ্বান জনাইছে ।

অসমলৈ উত্তৰাখণ্ড চৰকাৰে ৫ কোটি টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে । অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ৫ কোটি টকা প্ৰদান কৰিছে উত্তৰাখণ্ড চৰকাৰে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল প্ৰকাশ কৰে , " অসমৰ বান সাহাৰ্য্য হিচাপে ৫ কোটি আগবঢ়োৱাৰ বাবে ধন্যবাদ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী । "

https://twitter.com/sarbanandsonwal/status/1154702945708937216

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিভাগীয় কতৃপক্ষক বানে বিধস্ত কৰা ঘৰ, পথ, দলং, বান্ধ আদি নিৰ্মাণৰ বাবে নিৰ্দেশ দিয়ে আৰু ৰাজ্য চৰকাৰক ৰিপোৰ্ট সমূহ জমা দিবলৈ কয়।

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্ছনে বান বিধস্ত অসমলৈ ৫১ লাখ বান সাহাৰ্য্য প্ৰদান কৰিছে। অসম আৰু কেৰেলাক বৰ্তমান সকলোৰে সহায়ৰ প্ৰয়োজন । অসমৰ এনে দুৰ্যোগৰ সময়ত মেগাষ্টাৰ অমিতাভ বচ্ছনে ৫১ লাখ টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

বলীউডৰ তাৰকা জন আব্ৰাহমৰ লগতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ে টুইটাৰযোগে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে। দিয়া মিৰ্জায়ে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে ।

অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে ।যতিন বৰায়ে ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে। লগতে জনপ্ৰিয় অভিনেতা জনে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ সমগ্ৰ দেশবাসীকে আহ্বান জনাই ।ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com