Begin typing your search above and press return to search.

প্ৰসংগ অসমৰ বানপানী: মৃত্যৰ সংখ্যা ৮১ জনলৈ বৃদ্ধি

প্ৰসংগ অসমৰ বানপানী: মৃত্যৰ সংখ্যা ৮১ জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2019 10:49 AM GMT

অসমৰ প্ৰলয়ংকাৰ বানপানীত বিগত ২৪ ঘন্টাত সকলো জিলাৰ জলস্তৰ ক্ৰমে হ্ৰাস পাইছে ৷ কিন্তু বিগত ২৪ ঘন্টাত বাক্সাত ২ জন,বৰপেটাত ১ জন,কাছাৰত ১ জন আৰু বিশ্বনাথত ১ জন লোকেৰ সহিতে বানত পাঁচজন লোকৰ মৃত্যু হয় ৷ইয়াৰ লগতে বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১ জনলৈ বৃদ্ধি পাইছে। গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ট’,মৰিগাঁও,নগাঁৱ, গোলাঘাট,যোৰহাট আৰু কাছাৰ বানে জলমগ্ন কৰিছে।

ইফালে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰ আৰু ধুবুৰী জিয়া ভৰালী,পুঁথিমাৰী নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিজ্ঞপ্তিত প্ৰকাশ পাইছে যে ১,১৪,১৭৯ লাখৰো হেক্টৰ ভূমি বানত প্ৰভাৱিত হৈছে ।আৰু জিলা প্ৰশাসনৰ ৭৫৭ টা শিবিৰত ৯৭০০০ হাজাৰ লোকে আশ্ৰয় লৈ আছে ৷ আনহাতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বন বিভাগক কয় যে ১৫ টা গড়,এটা হাতী আৰু ১০০ ৰো অধিক হাতীৰ সহিতে প্ৰায় ১৮৭ টা জন্তু ৰাজ্যৰ বানত মৃত্যু হৈছে ৷

বানত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য প্ৰায় ৯০ শতাংশ জলমগ্ন হৈ পৰিছে। যাৰ কাৰণে বনৰীয়া জন্তুসমূহে ওখ ঠাইত আশ্ৰয় লৈছে। অৱশ্যে সম্প্ৰতি ৰাষ্ট্ৰীয় অভয়াৰণ্য খনৰ সাম্প্ৰতিক পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে ৷ কৰ্মৰত এজন বিষয়াৰ মন্তব্য অনুসৰি বানৰ প্ৰকোপ সম্প্ৰতি হ্ৰাস পাইছে ৷সোমবাৰে পুৱা ১৬২ চেন্টিমিটাৰ জলস্তৰ হ্ৰাস পাইছিল ৷ জীৱ জন্তুসমূহৰ সুৰক্ষাৰ কৰাত বন বিভাগৰ লগতে স্থানীয় জনসাধাৰণে যথেষ্ট সহায় কৰিছে বুলি কয় এগৰাকী বিষয়াই ৷

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১৬ টা বন্য প্ৰাণী,১৫ হৰিণৰ লগতে অন্যান্য জীৱ জন্তুৰ মৃত্যু হয় ৷ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহনসমূহৰ তীব্ৰ গতিৰ কাৰণে এই বন্য প্ৰাণীসমূহৰ মৃত্যু হয় ।ইফালে ১৫ টা গড় আৰু এটা হাতী বানত ডুব যোৱাৰ কাৰণে মৃত্যু হয়। কিন্তু সম্প্ৰতি জীৱ জন্তুসমূহক আৰোগ্য কৰি আকৌ অভয়াৰণ্যখনত জীৱ জন্তুসমূহ মুকলি কৰি দিছে বিভাগীয় কৰ্তৃপক্ষই ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক সংবাদ বিজ্ঞপ্তি অনুসৰি বিগত ২৪ ঘন্টাত ধুবুৰী জিলাত গৌৰীপুৰত বানত এজন ব্যক্তিৰ মৃত্যু হয়। বৃহস্পতিবাৰে ধেমাজী,দৰং, বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমৰা,গোৱালপাৰা, কামৰূপ, মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰকে ধৰি প্ৰায় ১৮ খন জিলাৰ ৬৭ ৰাজহ চক্ৰৰ ২৭৫৩ খন গাঁৱত ৩৪,৯২,৭৩৪ জন লোক বানত প্ৰভাৱিত হয় ।

ইফালে সম্প্ৰতি বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী,গোৱালপাৰা,কামৰূপ,মৰিগাঁও,নগাঁও,গোলাঘাট আৰু যোৰহাট জিলাত ৮৩৩ শিবিৰত ১৩৩১৫৯ জন লোকে আশ্ৰয় লৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: দক্ষিণ শালমাৰাত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Next Story
চাকৰি