Begin typing your search above and press return to search.

ৰাজ্যৰ সত্ৰসমূহৰ বিকাশৰ কাৰণে অনুমোদন ২ কোটি টকা

ৰাজ্যৰ সত্ৰসমূহৰ বিকাশৰ কাৰণে অনুমোদন ২ কোটি টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2019 4:24 AM GMT

ৰাজ্যৰ সত্ৰসমূহৰ বিকাশৰ কাৰণে অনুমোদন ২ কোটি টকা ৷ অসম চৰকাৰে সমগ্ৰ সত্ৰৰ বিকাশৰ কাৰণে ২ কোটি টকা অনুমোদন দিছে ৷ ধাৰ্মিক স্থান সমূহৰ বিকাশ আৰু সংৰক্ষণৰ কাৰণে এই ধন ব্যৱহাৰ কৰা হ’ব ৷এই আঁচনিখনক অসমৰ পুৰাত্তত্ব বিভাগৰ দ্বাৰা উপায়ুক্তসকলৰ মাধ্যমেৰে প্ৰদান কৰা হ’ব। ইয়াৰ মাজতে পুৰাত্তত্ব বিভাগে ২০১৮-১৯ বৰ্ষৰ কাৰণে ২০ খন সত্ৰক নিৰ্বাচিত কৰিছে।

এই আঁচনিৰ অধীনত প্ৰত্যেকখন সত্ৰকে ১০ লাখকৈ টকা প্ৰদান কৰা হ’ব। আঁচনি অনুসৰি এই ধন সমূহ উপায়ুক্তৰ জৰিয়তে প্ৰত্যেকখন সত্ৰকে প্ৰদান কৰা হ’ব ।দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত পুৰাত্তত্ব বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন চৰকাৰৰ এইয়া এক বিশেষ পদক্ষেপ ।এইয়া আৰম্ভনিহে ৷

গতিকে সত্ৰসমূহৰ বিকাশৰ কাৰণে চৰকাৰে সহায় কৰিব। ইফালে আঁচনিখনে সাঙুৰি লোৱা সত্ৰসমূহ হৈছে মাজুলী জিলাৰ শ্ৰী শ্ৰী মাজুলী বৰ এলেঙী সত্ৰ,গোৱালপাৰা জিলাৰ বগুৱানৰ কেৱলীয়া হাতী সত্ৰ,কামৰূপ জিলাৰ ১ নং ল’কুৰী সত্ৰ,লক্ষীমপুৰ জিলাৰ বগীনদীৰ ঘৰমৰা সত্ৰ,ধুবুৰী জিলাৰ দিনদিনগা শ্ৰীহনগৰ সত্ৰ,ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় সত্ৰ,গোলাঘাট জিলাৰ বোকাখাতৰ চিপ’হা সত্ৰ,বিশ্বনাথৰ গহপুৰৰ ৰাজবাৰী বেলগুৰি সত্ৰ আৰু কমলাবাৰী সত্ৰ,শিৱসাগৰ জিলাৰ শালাগুৰি সত্ৰ আৰু কোঁৱৰপুৰ বৰখাতপাৰ সত্ৰ,ভবানীপুৰ কলবাৰীৰ শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ সত্ৰ,সৰ্থেবাৰীৰ বেলবাৰী সত্ৰ,বৰপেটা জিলাৰ পাঠশালাৰ আকুৱা সত্ৰ,মৰিগাঁৱৰ তৰাবাৰী কলচিলা সত্ৰ আৰু নাওকাটা কলচিলা সত্ৰ,ব্ৰাহ্মণগাঁৱৰ চলচলীৰ শ্ৰী শ্ৰী জাগোৰাল সত্ৰ,নগাঁৱঁৰ চাউলধোৱাৰ জেইপুৰগাঁৱৰ পুনিয়া সত্ৰ,কলিয়াবৰৰ হাতবৰ ৰ চিপহা সত্ৰ,ননৈৰ ভাগৱতী ব্ৰহ্মচাৰী সত্ৰ ৷

অধিক খবৰৰ বাবে পঢ়ক: অসমৰ সত্ৰ ভূমিৰ ক্ষেত্ৰত অসম সত্ৰ মহাসভাৰ প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Public protest against Prateek Hajela in Dhekiajuli | The Sentinel News | Assam News

Next Story
চাকৰি