Begin typing your search above and press return to search.

প্ৰসংগ: প্লাষ্টিক: সচিবালয়ত প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্ধকতা

প্ৰসংগ: প্লাষ্টিক: সচিবালয়ত প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্ধকতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 3:53 AM GMT

সচিবালয়ত প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্ধকতা ৷ জলবায়ু পৰিবৰ্তন আৰু ভৱিষ্যতে আমাৰ চাৰিওফালে সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ অসম চৰকাৰে জাৰি কৰিছে এক অধিসূচনা ৷অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব,সচিবালয় প্ৰশাসন বিভাগে দিয়া নিৰ্দেশত আছে যে ৰাজ্য চৰকাৰে প্লাষ্টিকৰ প্ৰয়োগ নকৰিবলৈ জনসাধাৰণৰ মাজত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইফালে প্লাষ্টিক প্ৰয়োগ নকৰিবলৈ সিদ্ধান্তৰ পদক্ষেপৰ লগত সংগতি ৰাখি জনতা ভৱনত চৌপাশে প্লাষ্টিক প্ৰয়োগত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷জনতা ভৱনত নিসিদ্ধ কৰা সামগ্ৰীসমূহ হৈছে ডিচপ’জেবল গ্লাচ,প্লেট,চামুচ, থাৰ্মকলৰ সামগ্ৰী,পানীৰ বটল,৫০ মাইক্ৰ’নৰ তলৰ প্লাষ্টিকৰ কেৰী বেগ আদি ৷

ইফালে সভাত ব্যৱহাৰ হ’ব কেৱল কাপেহে । কাৰণ কিছুসংখ্যক বৈঠকত প্লাষ্টিকৰ কাপ ব্যৱহাৰ কৰা দেখা যায়। কিন্তু এতিয়াৰ পৰা বৈঠকত প্লাষ্টিকৰ বটলৰ ঠাই পাব ধাতু,কাঁচ আদি পাত্ৰই। আনহাতে প্লাষ্টিক যাতে ব্যৱহাৰ কৰিব নালাগে তাৰ কাৰণে অসম চৰকাৰে জনসাধাৰণক জাগৰিত কৰিছে ৷ লগতে প্লাষ্টিকে আমাৰ চাৰিওফালৰ পৰিবেশক কেনেধৰণে দূষিত কৰে সেয়া হয়তো কোৱাৰ প্ৰয়োজন নহয় ৷ প্লাষ্টিকে মাটি,পানী সকলো প্ৰদূষিত কৰে।

গতিকে পৰিবেশ তথা জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে প্লাষ্টিক বৰ্জন কৰাটো অতি উল্লেখ্য।আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবাৰ সমগ্ৰ দেশ বাসীক গান্ধী জয়ন্তীৰ দিনটোৰ পৰাই প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান কৰিছে ৷ দেশ বাসীয়ে মোডীৰ এই আহ্বানক আদৰি লোৱাৰ লগতে সহাৰিও জনাইছে ।কিন্তু আজি মুখ্যমন্ত্ৰীৰ সন্মুখত দেখা গ’ল এক ব্যক্তিক্ৰমী দৃশ্য। ভলীবল কোচিং চেন্টাৰত অনুষ্ঠিত অনুষ্ঠানত প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে দেখা গ’ল কেটলি আৰু মাটিৰ গ্লাচ ৷

অধিক খবৰৰ বাবে পঢ়ক: আপোনালৈ এটা বিশেষ প্ৰত্যাহ্বান:এখন ফটোত নাহৰফুটুকী বিছাৰি উলিয়াব লাগিব আপুনি?

ভিডিঅ প্ৰতক্ষ্য কৰক:NDFB(S) cadres apprehended

Next Story
চাকৰি