জনসাধাৰণৰ অভিযোগ সন্দৰ্ভত বিশেষ পদক্ষেপ দিছপুৰৰ

জনসাধাৰণৰ অভিযোগ সন্দৰ্ভত বিশেষ পদক্ষেপ দিছপুৰৰ

জনসাধাৰণৰ কাৰণে দিছপুৰৰ এক বিশেষ ব্যৱস্থা ৷ সততে জনসাধাৰণৰ মাজত থকা বিভিন্ন অভাৱ অভিযোগসমূহ সমাধান কৰিবৰ কাৰণে এক বিশেষ পদক্ষেপ ল’বলৈ আগবাঢ়িছে দিছপুৰ ৷ অনতি পলমে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়,মন্ত্ৰীৰ কাৰ্যালয়,উপায়ুক্তৰ কাৰ্যালয়ক সংযোগ কৰা এটা পৰ্টেল আৰম্ভ কৰিব ।

এবাৰ জনসাধাৰণ নিজৰ অভিযোগ উত্থাপন কৰাৰ পিছত এই নিৰ্দিষ্ট পৰ্টেলটোত আপলোড কৰা যাব ৷ আৰু অভিযোগৰ লগত সমন্ধিত বিভাগক এই বিষয়ে অৱগত কৰোৱা হ’ব আৰু সমাধানৰ কাৰণে নিৰ্দেশ দিয়া হ’ব । ইপালে উপায়ুক্তসকলে নিজৰ কাৰ্যালয়ৰ ভিতৰত নিৰ্দিষ্ট এটি ব্যবস্থাৰে জনতাৰ সমস্যা সমাধানৰ কাৰণে ব্যৱস্থা কৰিব।

ৰাজ্যৰ জনসাধাৰণৰ উপায়ুক্ত কাৰ্যালয়,মন্ত্ৰীসকলৰ কাৰ্যালয়ৰ লগতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সম্পৰ্কটো বিভিন্ন অভিযোগ থাকে ৷জেষ্ঠ্য নাগৰিকসকলেও বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সন্মুখীন হোৱা অভিযোগ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰা দেখা যায়। গতিকে Pension and public Grievances বিভাগে ৰাজ্য চৰকাৰৰ হৈ কাম কৰিব ।বিভাগটোৱে চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পিছত যাতে পেন্সনৰ সন্দৰ্ভত কোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিব ৷

চৰকাৰে এক অন লাইন সেৱাও আৰম্ভ কৰিব ৷যাতে চৰকাৰে কৰ্মচাৰীসকলে অৱসৰৰ একবছৰৰ আগৰে পৰা নিজৰ যাৱতীয় তথ্য পাতে জমা কৰিব পাৰে ৷আনহাতে বহু চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পাঁচ ছবছৰৰ পিছতো পেন্সন লাভ কৰা নাই। উল্লেখ্য যে মুখ্যমন্ত্ৰী কাৰ্যালয়ে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ আগত বহু বছৰৰ পৰা থকা পেন্সন সন্দৰ্ভীয় কাম সমূহ সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Commissioner Deepak Kumar addresses media

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com