Begin typing your search above and press return to search.

ঐতিহাসিক স্থানসমূহলৈ দিছপুৰৰ অতিৰিক্ত অনুদান

ঐতিহাসিক স্থানসমূহলৈ দিছপুৰৰ অতিৰিক্ত অনুদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2019 4:59 AM GMT

অসমৰ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ স্থানসমূহক লৈ ৰাজ্য চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত ৷ ৰাজ্য চৰকাৰে সেই স্থানসমূহৰ প্ৰত্যেককে এক অতিৰিক্ত অনুদান দিবলৈ সিদ্ধান্ত লৈছে। চৰকাৰে দিয়া এই বাৰ্ষিকী ৰাশিৰ এক নিৰ্দিষ্টতা আছে। চৰকাৰে চলিত বৰ্ষত অতিৰিক্ত ধনৰ পৰিমাণ প্ৰতিটো ধাৰ্মিক সংস্থালৈ ২ লাখ টকালৈ ধাৰ্য কৰিছে ৷নতুন আঁচনিক বাস্তৱায়িত কৰিবৰ কাৰণে অতিৰিক্ত ধনৰ পৰিমাণ প্ৰায় ৩,২৪,০০,০০০ টকা ধাৰ্য কৰিছে ৷

ইফালে পূৰ্বতে ইয়াৰ পৰিমাণ আছিল ৯০.৯৮.২৩০ টকা। বৰ্তমান কিছুমান ধাৰ্মিক স্থানৰ টকাৰ পৰিমাণ এনেধৰণৰ ৷ কামৰূপ জিলাৰ শ্ৰী শ্ৰী চামৰিয়া সত্ৰৰ ১৪.০০০ টকা, ধুবুৰী জিলাৰ সত্ৰশাল ধামৰ ৰাম ৰায় কুতি সত্ৰৰ ৮,৭৯০ টকা, কামৰূপ মেট্ৰ’ৰ শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ৰ ৭,০০০ টকা,মাজুলীৰ চামগুৰি সত্ৰই ৫,১২৮ টকাৰ উপৰিও ৩০০০ টকাকৈ গুৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰ মন্দিৰ,যোৰহাট জিলাৰ নেঘেৰিটিং দেৱাল,কামৰূপ মেট্ৰ’ৰ শ্ৰী শ্ৰী বৈশিষ্ঠ্য দেৱালয়,নগাঁৱৰ লালুং গাঁৱৰ শ্ৰী শ্ৰী বট্ৰদ্ৰৱা সত্ৰ,নগাঁৱৰ বৰভেটিৰ শ্ৰী শ্ৰী বট্ৰদ্ৰৱা সত্ৰ,শিৱসাগৰ জিলাৰ শ্ৰী শ্ৰী শিৱ দৌল আৰু শোনিত পুৰ জিলাৰ শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়ে লাভ কৰে।

বাৰ্ষিক অনুদানৰ জৰিয়তে ৰাজ্য চৰকাৰে ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ স্থানসমূহৰ বিকাশ কৰিবলৈ সিদ্ধান্ত লৈছে। এই আঁচনি হৈছে Assam Darshan Annuity Grant to Devalayas ৰ আধাৰত ।ইফালে ৰাজ্য ৰ কিছু সংখ্যক ধাৰ্মিক স্থানে বাৰ্ষিক অনুদান লাভ কৰি আছে। ইফালে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ বাজেট ভাষণত এই সত্ৰসমূহৰ কাৰণে বাৰ্ষিক অনুদান বৃদ্ধি কৰাৰ সন্দৰ্ভে ঘোষণা কৰিছিল ৷

উত্তৰ পূৰ্বাঞ্চল ৮০ টা কেন্দ্ৰীয় সুৰক্ষিত স্মৃতি আৰু স্থান সংৰক্ষণ আৰু পৰিবেশ বিকাশৰ ক্ষেত্ৰত ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপয়ে পৰ্যবেক্ষন কৰি আছে। অসমৰ ৫৫ টা ঐতিহাসিক স্থান , ৮ মেঘালয় আৰু ত্ৰিপুৰাৰ ৮ টা স্থান , নাগালেণ্ডৰ ৪ টা স্থান , অৰুনাচল প্ৰদেশৰ ৩ টা স্থান আৰু মিজোৰাম , মনিপুৰৰ এটাকৈ স্থান এই পৰ্যবেক্ষনৰ অন্তৰ্গত । এই ঐতিহাসিক স্থান সমূহ পৰ্যটনৰ স্থান হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

অসমৰ শিৱসাগৰত আহোম স্বৰ্গদেউৰ দিনীয়া ভাস্কয্য আৰু চিত্ৰশিল্প সমূহ সংৰক্ষণ, বামুনী পাহাৰৰ মন্দিৰৰ ভগ্নাংশ, অসমৰ শোণিতপুৰ জিলাৰ শিংগ্ৰি পাহাৰ আৰু দা -পৰ্বত্য পাহাৰৰ লগতে ডিমাপুৰ, নাগালেণ্ডৰ বিভিন্ন মঠ , মন্দিৰ , দুৰ্গ আৰু বুদ্ধ ধৰ্মৰ কীৰ্তিচিহ্ন সমূহ , শিলত খোদিত ভাস্কয্য সমূহ আৰু ত্ৰিপুৰাৰ মন্দিৰ সমুহ এই পৰ্যবেক্ষনত অন্তৰ্গত কৰা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক: দিছপুৰৰ ৰাজ্যৰ চাহ বাগানসমূহৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP Yuva Morcha observes Blood Donation Camp in Tinsukia Civil Hospital

Next Story