Begin typing your search above and press return to search.

ল’ক-ডাউনঃ বিদেশত আবদ্ধ অসমৰ ৩৪ ব্যক্তিক ৰাজ্য চৰকাৰৰ এহেজাৰকৈ ডলাৰ প্ৰদান

ল’ক-ডাউনঃ বিদেশত আবদ্ধ অসমৰ ৩৪ ব্যক্তিক ৰাজ্য চৰকাৰৰ এহেজাৰকৈ ডলাৰ প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 April 2020 12:44 PM GMT

ক’ৰ’না মহামাৰীৰ প্ৰতিৰোধৰ উদ্দেশ্য ঘোষণা কৰা তলাবন্ধৰ ফলত দেশে-বিদেশে অসমৰ বহু লোক আবদ্ধ হৈ আছে। লক-ডাউনৰ ফলত বিদেশত আবদ্ধ হৈ পৰা অসমৰ ৩৪জন ব্যক্তিলৈ ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছে। আজি এখন সংবাদমেলত এই তথ্য সদৰী কৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ব্যক্তিক ৰাজ্য চৰকাৰে এহেজাৰকৈ ডলাৰ প্ৰদান কৰিছে। তদুপৰি প্ৰতিজন ব্যক্তিকে আৰু এহেজাৰ ডলাৰকৈ প্ৰদান কৰা হ’ব বুলিও তেওঁ সদৰী কৰে । মন্ত্ৰী শৰ্মাই লগতে কয় যে চিকিত্সা সংক্ৰান্তীয় কামত বাহিৰলৈ গৈ লক-ডাউনৰ ফলত আবদ্ধ হৈ পৰা ৭১৭জন জটিল ৰোগত আক্ৰান্ত ব্যক্তিকো সহায় কৰিছে। একেদৰে অসমৰ বাহিৰত থকা এক লাখ দুহেজাৰ পৰিয়ালকো ৰাজ্য চৰকাৰে সহায় কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: নগালেণ্ডত লক-ডাউন উৎসৱ পতা চাৰি চিকাৰীৰ আত্মসমৰ্পণ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি