Begin typing your search above and press return to search.

নগালেণ্ডত লক-ডাউন উৎসৱ পতা চাৰি চিকাৰীৰ আত্মসমৰ্পণ

নগালেণ্ডত লক-ডাউন উৎসৱ পতা চাৰি চিকাৰীৰ আত্মসমৰ্পণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 April 2020 12:42 PM GMT

দেশজোৰা তলাবন্ধৰ সময়ছোৱাত বন্যপ্ৰাণী বধ কৰি লক-ডাউন উৎসৱ পতা চাৰিজন চিকাৰীয়ে অৱশেষত আত্মসমৰ্পণ কৰিলে। এই লক-ডাউন উৎসৱৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ লগে লগে আৰক্ষী আৰু বন বিভাগে চিকাৰীকেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰে। অৱশেষত চাৰিজন চিকাৰীয়ে বন বিভাগৰ ওচৰত আত্মসমৰ্পণ কৰে। চিকাৰীৰ দলটোৱে ৰাজ্যখনৰ ইনটাকি ৰাষ্ঠ্ৰীয় উদ্যানত এই লক-ডাউন উৎসৱ পালন কৰে।

নগালেণ্ডৰ বন বিভাগে প্ৰকাশ কৰা অনুসৰি আত্মসমৰ্পণ কৰা এই চাৰি চিকাৰী হৈছে লংখুম গাঁৱৰ ইমচাইনবা, উনগেৰ গাঁৱৰ ওছুংকুম এন জমিৰ, য়াংগেৰ জমিৰ আৰু আছানগমা গাঁৱৰ ওপাংগটেমছু। উল্লেখ্য যে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা যায় যে দুজন যুৱকে অতি গৌৰৱেৰে প্ৰদৰ্শন কৰিছে বনৰীয়া জীৱ-জন্তুৰ মৃতদেহ । যুৱক কেইজনে কেইবাটাও হৰিণা আৰু বণৰীয়া মেকুৰী বধ কৰিছে । ভিডিঅ'টিত এজন যুৱকে কৈছে, "আমি লকডাউন‌ উৎপল পালন কৰি আছো "। লগতে তেওঁ বন্যপ্ৰাণী চিকাৰৰ কথা অতি গৰ্বৰে কয় । যুৱক কেইজনক জংঘলৰ মাজত মাছ আৰু মাংস পুৰি থকা দেখা গৈছে। এজন যুৱকে কয় যে তেওঁ বনৰীয়া জীৱ-জন্তু ধৰিছে আৰু বধ কৰিছে, কিয়নো তেওঁলোকে লক-ডাউনৰ নীতি নিৰ্দেশনা নামানি জংঘলত মুক্ত মনে ঘূৰি ফুৰিছে ।

যুৱকজনে নিজৰ আঙুলিৰে গৌৰৱৰ চিহ্ন প্ৰদৰ্শন কৰি কয়, " আমি আগন্তুক সাতদিনলৈ জংঘলৰ আশে-পাশে থাকিম । এয়া আমাৰ বাবে পাৰ্টী টাইম " । আনহাতে, ঘটনা সন্দৰ্ভত নাগালেণ্ড বন বিভাগে কয় যে তেওঁলোকে এই ভিডিঅ' ইতিমধ্যে লাভ কৰিছে আৰু ইয়াৰ তদন্ত কৰি আছে । সম্ভৱতঃ এই ঘটনাটো নাগালেণ্ডৰ ইনটাকি ৰাষ্ট্ৰীয় উদ্যানৰ হ'ব পাৰে বুলি কয় বন বিভাগে। ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশত এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল য'ত এদল মানুহে ১২ ফুট দীঘল ৰজা ফেঁটী সাপ হত্যা কৰি উৎপল পালন কৰিছিল। ইয়াৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক: অৰুণাচল প্ৰদেশৰ বহু অংশক সামৰি চীন চৰকাৰৰ নতুন মানচিত্ৰ প্ৰকাশ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি