Begin typing your search above and press return to search.

অসম চৰকাৰে উত্থাপন কৰিলে সত্ৰ বেদখল মুক্ত কৰা বিধেয়ক

অসম চৰকাৰে উত্থাপন কৰিলে সত্ৰ বেদখল মুক্ত কৰা বিধেয়ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 6:34 AM GMT

সোমবাৰে অসম বিধানসভাত চৰকাৰে উত্থাপন কৰে সত্ৰৰ ভূমি বেদখল মুক্ত কৰা বিধেয়ক । সত্ৰৰ ভূমি আৰু আন ধৰ্মীয় অনুস্থান সমূহ বেদখল মুক্ত কৰিবলৈ বিধেয়ক উত্থাপন কৰে চৰকাৰে । ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই " অসমৰ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনি) আইন ২০১৯ (The Assam Land and Revenue Regulation) বিধেয়ক খন উত্থাপন কৰে ।

অসমত এশৰো অধিক বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুস্থান আছে। প্ৰকাশ কৰা তথ্য মতে , এই ধৰ্মীয় অনুস্থান আৰু সত্ৰৰ ভূমি সমূহ বেদখল কৰি আছে বহুতো লোকে আৰু এই ভূমি সমূহ বেদখল মুক্ত কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে চৰকাৰে এই ঐতিহাসিক স্থান সুৰক্ষা কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

বিধেয়ক খন গৃহীত হোৱাৰ পাছত জিলা উপায়ুক্ত আৰু অসামৰিক উপ-বিভাগীয় বিষয়াক বেদখল মুক্ত কৰিবলৈ সম্পুৰ্ণ দায়িত্ব দিয়া হব । সত্ৰ তথা ধৰ্মীয় অনুস্থান সমূহৰ বেদখল মুক্ত কৰিবলৈ এই বিধেয়ক খন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

ৰাজ্যিক ৰাজহ বিভাগে ” ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ ” আইন খন সংশোধন কৰি ” অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনি আইন-২০১৯ ” প্ৰস্তুত কৰিছিল । প্ৰকৃত নিয়ন্ত্ৰণৰ আইনত ধৰ্মীয় অনুস্থান অথবা সত্ৰ সমূহত বেদখল মুক্ত কৰিবলৈ কোনো বিভাগকে দায়িত্ব দিয়া হোৱা নাছিল ।

যদি বিধান সভাত আইন খন ৰূপায়ণ হয় , তেতিয়া এই প্ৰস্তাৱে বেদখল মুক্ত কৰিবলৈ কৰাবলৈ জিলা উপায়ুক্তক দায়িত্ব দিয়া হব । ৰাজহ বিভাগ এজন বিষয়ায়ে প্ৰকাশ কৰে যে, এই আইন খনে শতিকা পুৰণি সকলো ধৰ্মীয় অনুস্থান আৰু সত্ৰ সমূহক সামৰি লব । নতুনকৈ স্থাপন হোৱা ধৰ্মীয় অনুস্থান আৰু আন সংস্থা সমূহৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহয় ।

শেহতীয়া কাৰ্যালয়ৰ তথ্য মতে , অসমত সত্ৰৰ প্ৰায় ২৩১ বিঘা আৰু ৪ কঠা ভূমি বেদখলৰ কবলত আছে ।চৰকাৰী তথ্যমতে ১৫৩ বিঘা ৰাজ্যত অধিগ্ৰহণ কৰি থকা ভূমি আছে কিন্তু অসম সত্ৰ মহাসভাৰ মতে অধিগ্ৰহণ কৰি থকা ভূমিৰ সংখ্যা ৭০০০ বিঘা। যোৱা বৰ্ষত অধিগ্ৰহণ কৰি থকা ভূমিৰ সন্দৰ্ভত জৰীপ চলাবৰ বাবে জিলা প্ৰশাসন আৰু অসম সত্ৰ মহাসভাৰ মাজৰ এখন যুতীয়া সমিতি গঠন কৰা হৈছিল, কিন্তু আজি পৰ্য্যন্ত কোনো উল্লেখযোগ্য ভূমি জৰীপ কৰা দেখা নগল। অধিগ্ৰহণ কৰা ভূমি সমূহত সন্দেহযুক্ত নাগৰিকে মহজিদ, মাদ্ৰাছা গঢ়ি তুলিছে। মৰিগাওঁত ২৫ নৱেম্বত অনুষ্ঠিত হোৱা কেন্দীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠকত অসম সত্ৰ মহাসভাই এই বিষয়বোৰ ডাঙি ধৰে।

অধিক খবৰৰ বাবে পঢ়ক: সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ নতুন আইন প্ৰস্তুত অসম চৰকাৰৰ

Next Story
চাকৰি