ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালেক প্ৰয়োজনীয় তথ্য দিয়াত ব্যৰ্থ অসম চৰকাৰৰ বিভাগীয় বিষয়াসকল

ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালেক প্ৰয়োজনীয় তথ্য দিয়াত ব্যৰ্থ অসম চৰকাৰৰ বিভাগীয় বিষয়াসকল

অসম চৰকাৰৰ বিষয়াসকলে ৰাজ্যৰ সামূহিক অগ্ৰগতিৰ সম্পৰ্কে তথ্য প্ৰদান কৰাত ব্যৰ্থ হৈছে ৰামদাস আথৱালেক ৷ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথবালৰ উপস্থিতিত শনিবাৰে হোৱা এখন সংবাদ মেলত বিষয়াসকলৰ এই বিফলতাৰ সম্পৰ্কে পোহৰলৈ আহে ৷

ইফালে ৰামদাস আথৱালে এখন সংবাদমেল সম্বোধন কৰি কয় যে ২০১৮ বৰ্ষত মুদ্ৰা আঁচনিৰ অধীনত অসমত ৪,১৮৭ কোটি টকা প্ৰদান কৰা হৈছে । কিন্তু এই আঁচনিৰ অধীনত লাভালাভৰ সন্মুখীন হোৱা সকলৰ সন্দৰ্ভত তথ্য দিয়াত অসমৰ্থ হয় বিষয়াসকল ৷ এই সন্দৰ্ভত মন্ত্ৰী আথবালে কয় যে মই বিভাগীয় বিষয়াসকলক লাভালাভৰ সন্দৰ্ভত জানিব বিছাৰিলো যদিও তেওঁলোকে মোক তথ্যৰ যোগান ধৰিব নোৱাৰিলে ৷

আথৱালে মন্তব্য কৰে যে ২০১৮-১৯ বৰ্ষত উজ্জ্বলা যোজনাৰ অধীনত ১০.৮৮ লাখ এলপিজী যোগান ধৰা হৈছিল ৷আৰু ২০১৭-১৮ বৰ্ষত ১০.৬৫ লাখ। অৱশ্যে এই আঁচনিৰ অধীনত কিমান জনে এই সুবিধা লাভ কৰিলে তাৰ বিৱৰণ দিয়াত ব্যৰ্থতা প্ৰদৰ্শন কৰে বিষয়াসকলে ৷ ইফালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২০২২ চনৰ ভিতৰত অসমত ৮.৫ লাখ হিতাধিকাৰীয়ে সুবিধা লৈ গৃহ নিৰ্মাণ কৰিব পাৰিব ৷

দীব্যাংগসকলৰ কাৰণে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে আথৱালে ৷ তেওঁ কয় যে অসমত প্ৰায় ৪.৮ লাখ দিব্যাংগ আছে ৷আৰু দেশত ২০১১ চনৰ পিয়ল অনুসৰি দিব্যাংগৰ সংখ্যা হ’ল ২.৬৮ কোটি ৷ইতিমধ্যে অসমত ১৩,৯০০ দিব্যাংগই ১০০০ টকাকৈ মাহে পেঞ্চন লাভ কৰাৰ কথা উল্লেখ কৰে ৷ বিগত কেইবামাহৰ পৰা দিব্যাংগসকলে পেঞ্চন নোপোৱাৰ প্ৰসংগত মন্ত্ৰী আথৱালে কয় যে পেঞ্চন সমূহ অনতি পলমে প্ৰদান কৰা হ’ব ৷

অন্যহাতে জন,ধন যোজনাৰ অধীনত অসমত ১,৪৮,৭১,০০০ সংখ্যক লোকক বেংক একাউন্ট খোলাৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰে ৰামদাস আথৱালে ।ইফালে সংবাদ মেলৰ সময়ত আথৱালেৰ লগত বড়োসকলৰ কেইজনমান সদস্য মন্ত্ৰীগৰাকীৰ লগত মিলিত হয় আৰু নিজৰ অঞ্চলত বড়ো স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভক্ত কৰাৰ কাৰণে আহ্বান কৰে ৷

লগতে শিখ সকলৰ কেইজনমান সদস্য আথৱালৰ লগত মিলিত হৈ অনুসূচিত জনজাতিৰ সূচীৰ পৰা "ভাংগী"শব্দটো আঁতৰোৱাৰ কাৰণে দাবী কৰে ৷আৰু মন্ত্ৰী ৰামদাস আথৱালে তেওঁলোকৰ এই আহ্বানক বিচাৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷উল্লেখে ৰামনাথ আথৱালে প্ৰত্যেক চৰকাৰক গাঁও,এচচি,এচটি জৰু দিব্যাংগসকলৰ জীৱন সমৃদ্ধ কৰিবৰ কাৰণে সকলোকে দৃঢ় হ’বলৈ আহ্বান কৰে ৷

লগতে প্ৰত্যেক ৰাজ্যক দিব্যাংগসকলৰ কাৰণে অভিনৱ আঁচনিৰ নিৰ্মাণ কৰাৰ কাৰণে আগবাঢ়ি যাবলৈ আহ্বান কৰে ৷ অন্যহাতে ৰামনাথ আথৱালেৰ বৈঠকখনত অতিৰিক্ত মুখ্য সচিব আৰু শীৰ্ষ অধিকাৰীসকল উপস্থিত আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com