প্ৰসংগঃ এনআৰচি: অসম চৰকাৰৰ শেহতীয়া পদক্ষেপ

প্ৰসংগঃ এনআৰচি: অসম চৰকাৰৰ শেহতীয়া পদক্ষেপ

ৰাজ্যত ৩১ আগষ্টত প্ৰকাশ পালে চূড়ান্ত নাগৰিক পঞ্জী। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে সকলো আপীলৰ লগত মোকামিলা কৰিবলৈ ষ্টেণ্ডাৰ্ড অপেৰেটিং প্ৰচিডিঅ’ৰ তৈয়াৰ কৰিছে ৷ৰাজ্য চৰকাৰে প্ৰথমতে ২০০ ৰো অধিক অতিৰিক্ত বিদেশী ন্যায়াধীকৰণত সদস্যৰ নিযুক্ত দিছে ৷ লগতে ২১ টা খালী হৈ থকা ১০০ টা বিদেশী ন্যায়াধীকৰণ পদত নিযুক্তি দিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগে নতুনকৈ স্থাপিত ২০০ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ আৰু নিযুক্ত সম্পন্ন কৰা সদস্যসকলৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে ৷

গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব আশুতোষ অগ্নিহোত্ৰীয়ে দ্য চেন্টিনেলৰ লগত মত বিনিময় কৰি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰক্ৰিয়া অনুসৰি চৰকাৰে বিদেশী ন্যায়াধীকৰণত ২২১ জন সদস্যক নিযুক্তি দিছে ৷ইয়াৰে ২০০ জনক অতিৰিক্ত বিদেশী ন্যায়াধীকৰণত আৰু ২১জন সদস্যক খালী হৈ থকা বিদেশী ন্যায়াধীকৰণৰ নিযুক্ত দিয়া হৈছে ৷অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ ২২১ নৱ নিযুক্ত সদস্য প্ৰথমৰ পৰাই এই প্ৰক্ৰিয়াটোৰ লগত জৰিত আছে ।যাতে তেওঁলোকে অতিৰিক্ত বিদেশী ন্যায়াধীকৰনৰ লগত পৰিচিত হয়।

এচঅ’পিৰ মতে এনআৰচিৰ আপীল কৰ্তা সকলে আপীল ফৰ্মৰ এখন প্ৰিন্ট আউট উলিয়াব। য’ত থাকিব এটা ইউনিক ৰেফাৰেন্স নাম্বাৰ । যিখন জিলাৰ পৰা আপীল কৰ্তাসকলে এনআৰচিৰ কাৰণে আবেদন কৰিছিল ৷ তাৰ পৰাই আপীলকৰ্তাসকলে আবেদন কৰিব লাগিব।

ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্গতভূক্ত নোহোৱাৰ পিছত নিৰ্ধাৰিত বিদেশী ন্যায়াধীকৰণলৈ যাব লাগিব। সকলো যাৱতীয় কাৰ্য কৰাৰ পিছত এক এছএমএচ দিয়া হ’ব। এনআৰচিৰ সময়ত যদি বায়’মেট্ৰিক বিৱৰণেৰে নিদিষ্ট কাম কাজ কৰা নাই ৷তেন্তে আপীল প্ৰস্তত কৰাৰ সময়ত আপীলকৰ্তাৰ বায়’মেট্ৰিক বিৱৰণৰক নিৰ্দিষ্ট বিদেশী ন্যায়াধীকৰণত লোৱা হ’ব।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam NRC: Pradesh Congress Committee team led by Ripun Bora reached Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com