ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম তালিকা অনলাইন যোগে প্ৰকাশ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম তালিকা অনলাইন যোগে প্ৰকাশ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম তালিকা অনলাইন যোগে প্ৰকাশ৷ ১৪ ছেপ্তেম্বৰৰ পৰা অনলাইনত উপলব্ধ হৈছে এনআৰচিৰ সম্পূৰ্ণ তালিকা ৷ ৩১ আগষ্টত জাৰি কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ লিষ্টত বাদ পৰিছিল ১৯ ৰো অধিক লোকৰ নাম। অললাইনত এনআৰচিত তালিকা উপলব্ধ হোৱাৰ পিছত ব্যক্তিসকলে নিজৰ বংশ,পৰিয়ালৰ নাম চাব পাৰিব ৷এনআৰচিৰ আবেদক সকলে ARN নম্বৰৰ সহায়ত www.nrcassam.nic.in,www.assam.mygov.in,www.assam.gov.in ত চাব পাৰিব ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

লগতে এনআৰচিৰ কৰ্তৃপক্ষই কয় যে অযোগ্য আবেদক সকলৰ এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ অতি শীঘ্ৰেই কৰা হ’ব ৷ ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্ধিয়া হৈছে ।

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই।

ৰাজ্যৰ বিজেপি অসম প্ৰদেশৰ এক বিশেষ সূত্ৰ অনুসৰি প্ৰকাশিত এনআৰচি এখন কাগজতকৈ কোনো গুনে কম নহয় ।ৰাজ্যৰ অধিকাংশ লোক এনআৰচিক লৈ সুখী নহয়। আমি ৰাজ্যৰ সকলো লোকক এই সন্দৰ্ভত এ কত্ৰিত হ’বলৈ আহ্বান জনাইছো। আমি এনআৰচিৰ সন্দৰ্ভত এক সিদ্ধান্তত উপনীত হ’বলৈ গৈ আছো ৷

গতিকে এই সন্দৰ্ভত সকলো তথ্যৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত মিলিত হ’ম ।গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী ন্যায়াধীকৰণৰ দুৱাৰ গৰকিব লাগিব ।বিজেপিৰ এক সূত্ৰই কয় যে এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন অসমীয়া,বড়ো,ৰাভা, অসমীয়া মুছলমান,কাৰ্বি,বঙালী আৰু অন্য লোকৰ অবিহনে কেনেকৈ হ’ব পাৰে। বিজেপি সভাপতি ৰঞ্জীত দাসে কয় যে এবাৰ যদি আৰজিআইক এনআৰচিক দিয়াৰ পিছত এই বিষয়টো এটা চৰকাৰী বিষয় হ’ব ৷ উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এনআৰচিক ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱাৰ দাবী কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Commissioner of Police Deepak Kumar on Kumarpara Murder Incident

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com