Begin typing your search above and press return to search.

ত্ৰুটিপূৰ্ণ এনআৰচিৰ কাৰণে চৰকাৰ দোষীঃঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ত্ৰুটিপূৰ্ণ এনআৰচিৰ কাৰণে চৰকাৰ দোষীঃঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2019 4:42 AM GMT

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত চৰকাৰ আৰু এনআৰচিৰ কৰ্তৃপক্ষক সমালোচনা কৰে আৰু এনআৰচিত অবৈধ লোকসকলৰ নাম সন্নিবিষ্ট কৰাৰ কাৰণে দোষাৰূপ কৰে ।পৰিষদে কয় যে এনআৰচি উচ্চতম ন্যায়ালয়ৰ তদাৰকত হৈছে যদিও চৰকাৰী কৰ্মচাৰীসকলে এনআৰচিক চোৱা চিতা কৰিছিল।

ৰাজ্যত অবৈধ লোকসকলৰ বিষয়টোক সমাধান কৰাৰ কাৰণি চৰকাৰ বিফল হ’ল যদিও উচ্চতম ন্যায়ালয়ৰ তদাৰকত এনআৰচিৰ কাম সম্পূৰ্ণ হ’ল। অসমৰ লোকসকলে বিদেশীমুক্ত অসমৰ আশা কৰিছিল। প্ৰায় ১৬০০ কোটি টকা ব্যয় হোৱাৰ পিছত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আশা কৰা ধৰণে নহল।

ৰাজ্যৰ লোকসকলে বহু অবৈধ লোকক বহিস্কাৰ কৰিব বুলি আশা কৰিছিল যদিও সম্প্ৰতি বহু ভাৰতীয়ৰ নামহে এনআৰচিত সন্নিবিষ্ট নহ’ল ৷ইয়াৰ কাৰনে পৰিষদে ৰাজ্য চৰকাৰ আৰু এনআৰ চিৰ বিষয়া সকলক দোষী সাব্যস্ত কৰে।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:সম্প্ৰতি আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক গ্ৰহণ কৰা নাইঃৰঞ্জিত কুমাৰ দাস

ভিডিঅ প্ৰতক্ষ্য কৰক:Story of Teacher at Kastuba Gandhi Ashram who sacrificed her life in Social Service

Next Story
চাকৰি