Begin typing your search above and press return to search.

সম্প্ৰতি আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক গ্ৰহণ কৰা নাইঃৰঞ্জিত কুমাৰ দাস

সম্প্ৰতি আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক গ্ৰহণ কৰা নাইঃৰঞ্জিত কুমাৰ দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2019 4:36 AM GMT

বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই। চলিত বৰ্ষৰ ৮ আৰু ৯ ছেপ্তেম্বৰত এনআৰচি সন্দৰ্ভত চৰ্চা হ’ব য’ত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ৰাজ্যত উপস্থিত থাকিব ।

এই আলোচনাত এনআৰচি সন্দৰ্ভত স্পষ্টতা প্ৰকাশ কৰিব। ৰাজ্যৰ বিজেপি অসম প্ৰদেশৰ এক বিশেষ সূত্ৰ অনুসৰি প্ৰকাশিত এনআৰচি এখন কাগজতকৈ কোনো গুনে কম নহয় ।ৰাজ্যৰ অধিকাংশ লোক এনআৰচিক লৈ সুখী নহয়। আমি ৰাজ্যৰ সকলো লোকক এই সন্দৰ্ভত একত্ৰিত হ’বলৈ আহ্বান জনাইছো। আমি এনআৰচিৰ সন্দৰ্ভত এক সিদ্ধান্তত উপনীত হ’বলৈ গৈ আছো ৷

গতিকে এই সন্দৰ্ভত সকলো তথ্যৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত মিলিত হ’ম ।গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী ন্যায়াধীকৰণৰ দুৱাৰ গৰকিব লাগিব ।বিজেপিৰ এক সূত্ৰই কয় যে এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন অসমীয়া,বড়ো,ৰাভা, অসমীয়া মুছলমান,কাৰ্বি,বঙালী আৰু অন্য লোকৰ অবিহনে কেনেকৈ হ’ব পাৰে। বিজেপি সভাপতি ৰঞ্জীত দাসে কয় যে এবাৰ যদি আৰজিআইক এনআৰচিক দিয়াৰ পিছত এই বিষয়টো এটা চৰকাৰী বিষয় হ’ব ৷ উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এনআৰচিক ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱাৰ দাবী কৰে ।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:এনআৰচিৰ ক্ষেত্ৰত ইতিবাচক আৰু নেতিবাচক দিশ দুয়োটাই আছে: মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক:Decomposed Body of Railway Employee recovered in Tinsukia Youtube

Next Story
চাকৰি