Begin typing your search above and press return to search.

এনআৰচিৰ ক্ষেত্ৰত ইতিবাচক আৰু নেতিবাচক দিশ দুয়োটাই আছে: মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

এনআৰচিৰ ক্ষেত্ৰত ইতিবাচক আৰু নেতিবাচক দিশ দুয়োটাই আছে: মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2019 4:30 AM GMT

ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ সন্দৰ্ভত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰিছে ৷ড° শৰ্মাৰ অনুসৰি এনআৰচিৰ প্ৰক্ৰিয়াত প্ৰযুক্তিৰ হস্তক্ষেপ নুই কৰিব নোৱাৰি ৷ দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এনআৰচি।

সন্দৰ্ভত প্ৰথমতে ইতিবাচক দিশ চাওঁ ৷আমি এখন পূনাংগ এনআৰচি লাভ কৰিলোঁ । এই এনআৰচি খনে বিদেশীসকলৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব। লগতে ভৱিষ্যত এনআৰচিৰ ক্ষেত্ৰতো আমাক সহায় কৰিব ৷ ইফালে ১৯ লাখতকৈ অধিক লোক এনআৰচিৰ অন্তৰ্ভূক্তিৰ অযোগ্য হিছাপে চিনাক্ত কৰা হ’ল ।

যদি বিদেশী ন্যায়াধীকৰণি ৫০ শতাংশ লোকক ভাৰতীয় ঘোষিত কৰে ৷তেন্তে ৯ লাখতকৈ অধিক লোকক বিদেশী ঘোষিত কৰা হ’ব। এই কথা অসমত বিদেশী আছে বুলি কোৱা কথাটোক সচাঁ প্ৰমানিত কৰিব । নেতিবাচক দিশ টোৰ কথা ব্যক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এনআৰচি প্ৰাধীকৰণৰ দ্বাৰা ১৯৭১ চনৰ পূৰ্বতে লোৱা প্ৰমাণ পত্ৰ স্বীকৃত নহয়। ইয়াত এনআৰচিৰ কাৰনে অনুপযুক্ত এক বৃহৎ সংখ্যক হিন্দু বাঙালী,কোচ ৰাজবংশী আৰু অন্যান্য লোক আছে। কিছুমানে জন্মৰ প্ৰমাণ পত্ৰত জালিয়াতি কৰিছে ৷গতিকে এনেধৰণৰ ঘটনাই গুৰুত্বপূৰ্ণ এনআৰচিত প্ৰভাৱ পেলাইছে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:AMCH observed a 24-hour "withdrawal of non-emergency medical services”

Next Story
চাকৰি