ৰাজ্যত ১০ টা ছবিগৃহ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰৰ ৫ কোটি টকা প্ৰদান

ৰাজ্যত ১০ টা ছবিগৃহ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰৰ ৫ কোটি টকা প্ৰদান

ৰাজ্যত ১০ টা ছবিগৃহ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে ৫ কোটি টকা প্ৰদান কৰিছে ৷ অৱশ্য পাঁচটা কেৱল পুনৰ নিৰ্মাণ কৰা হ’ব ৷ ইয়াৰ বিপৰীতে অন্য পাঁচটা ৰাজ্যত নতুনকৈ ছবিগৃহ নিৰ্মাণ কৰা হ’ব ৷ অন্যহাতে ছবি গৃহৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ শেষৰৰ পৰা আৰম্ভ হ’ব ৷লগতে চৰকাৰৰ ধন ৰাশি বিশেষ ১০ জন বিশেষ ব্যক্তিৰ মাজত বিতৰণ কৰা হ’ব ৷

ৰাজ্যৰ বিত্ত আৰু বিকাশ নিগমৰ অধ্যক্ষ যতীন বৰাই কয় যে এইয়া চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ ৷য’ত অসমীয়া ছবিৰ পুনৰোদ্ধাৰৰ কাৰণে পদক্ষেপ লৈছে ৷ লগতে ৩৫ টা ছবিগৃহৰ উদঘাটনে যতীন বৰাক উৎসাহিত কৰাৰ বুলি মন্তব্য কৰে ৷ আৰু অসম চৰকাৰৰ এই পদক্ষেপে উদ্যোগ বানিজ্য বিকাশৰ দিশত আগবঢ়াই নিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com