Begin typing your search above and press return to search.

বাণিজ্যকৰণৰ কাৰণে অসম চৰকাৰৰ পশুধন নীতি গ্ৰহণ

বাণিজ্যকৰণৰ কাৰণে অসম চৰকাৰৰ পশুধন নীতি গ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2019 8:33 AM GMT

অসম চৰকাৰে কৃষকসকলক স্বাৱলম্বী কৰিবৰ কাৰণে এক পশু নীতিৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে বিগত বৰ্ষসমূহত ৰাজ্য চৰকাৰে কোনো পশু নীতি নাছিল ৷ যাৰ কাৰণে উত্তৰ পূবত বহিঃৰাজ্যৰ পৰা পশুধন সৰবৰাহ কৰি আছে ৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলাস্থলীত পশুপালন মন্ত্ৰী অতুল বৰাই এক সংবাদ মেল সম্বোধন কৰি কয় যে ৰাজ্যৰ মন্ত্ৰী পৰিষদে অন্তিম বৈঠকত ইনভেষ্টমেন্ট পলিচী সন্দৰ্ভত মঞ্জুৰী দিছে ৷

এতিয়া আমি হাঁহ,কুকুৰা,গাহৰি, ছাগলী আদি পশুধনৰ এক বিশেষ নীতি ব্যৱস্থা কৰিম। এই পলিচীসমূহে ৰাজ্যৰ লগতে উত্তৰ পূবৰ ব্যৱসায়ীকৰণৰ ক্ষেত্ৰত সহায় কৰিব। ইফালে অসম আৰু উত্তৰ পূবত গাহৰি মাংসৰ মূল্য বহুত বেছি ।গতিকে গাহৰি উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ মাজতে ২৪ বছৰৰ পিছত চলিত বৰ্ষৰ বৃহস্পতিবাৰৰ পৰা ৰাজ্য চৰকাৰে পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগনত চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আয়োজন কৰিছে ৷এই মেলাত বাণিজ্যিক আৰু বিভিন্ন ধৰণৰ পশু পক্ষী প্ৰদৰ্শণ কৰা হ’ব ৷ এই মেলাৰ প্ৰধান উদ্দেশ্য হৈছে পশু পালনৰ জৰিয়তে কৃষকসকলক প্ৰেৰণা দিয়া ৷অতুল বৰাই লগতে কয় যে কৃষিৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শণ কৰা কৃষকক পুৰস্কৃত কৰা হ’ব।

অন্য খবৰৰ বাবে পঢ়ক:হাতী-মানুহৰ সংঘাতকলৈ সজাগতা সভাৰ আয়োজন

ভিডিঅ প্ৰতক্ষ্য কৰক :Hamren New Markets in West Karbi Anglong gutted in Fire

Next Story
চাকৰি