Begin typing your search above and press return to search.

অসম চৰকাৰে প্ৰতিজন পট্টাদাৰক সুকীয়া পট্টা প্ৰদানৰ কৰাৰ নিৰ্দেশ দিছে

অসম চৰকাৰে প্ৰতিজন পট্টাদাৰক সুকীয়া পট্টা প্ৰদানৰ কৰাৰ নিৰ্দেশ দিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 July 2019 8:35 AM GMT

অসমৰ ভূমিৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছে । অসম চৰকাৰে প্ৰতিজন পট্টাদাৰক সুকীয়া পট্টা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । ৰাজহ বিভাগে বৰ্তমান উপলব্ধ হৈ থকা ভূমিৰ নথিৰ পুনৰীক্ষণেৰে ক্ৰটিমুক্ত ভূমি নথি প্ৰস্তুতৰ পক্ৰিয়া আৰম্ভ কৰিব আৰু ভূমি পট্টাৰ সৈতে আধাৰকাৰ্ড সংলগ্ন কৰাৰ পদক্ষেপ লব । জনতা ভবনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই পক্ৰিয়া পাইলট প্ৰজেক্টৰ ভিত্তিত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে , ৰাজ্যত যৌথ ভূমিৰ পট্টাৰ নিয়মৰ ফলত যথেষ্ট অসুবিধা সৃষ্টি হৈছে । মৌজাদাৰক কৰ দিয়াৰ ক্ষেত্ৰত পট্টাদাৰ সকলে যথেষ্ট অসুবিধা সন্মুখীন হয়। বেংকৰ লোন লোৱাৰ ক্ষেত্ৰত যৌথ ভূমি পট্টা থাকিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । তেনে ভূমিৰ বিক্ৰী অথবা ক্ৰয় কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । ভূমিৰ তথ্য আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন কৰা হব ।

জনসাধাৰণে ভূমি সম্পৰ্কীয় তথ্য সমূহ দিয়াত বিলম্ব কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিভাগক পৰ্যবেক্ষন কৰি চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত দিয়াৰ নিৰ্দেশ দিছে । লগতে সোনোৱালে এডভাঞ্চ মনিটৰিং চিষ্টেমৰ গ্ৰহণ কৰিবলৈও প্ৰকাশ কৰে ।

চক্ৰ বিষয়া আৰু মণ্ডলসকলৰ দক্ষতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগৰ চক্ৰ বিষয়া তথা মণ্ডল সকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ১৯৬০ চনৰ পৰা বহু ভূমি ৰাজহ সংক্ৰান্তীয় সেৱাৰ ৰাজহৰ নিৰিখ পুনৰ নিৰ্ধাৰণ নোহোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগক এই সেৱাসমূহৰ মুল্য পুনৰীক্ষণৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিছে । এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাও উপস্থিত আছিল ।

অধিক খবৰৰ বাবে পঢ়ক: বিশ্বনাথত আদিবাসী ভূমি সুৰক্ষা সমিতিৰ বিক্ষোভ কাৰ্যসূচী

Next Story
চাকৰি