Begin typing your search above and press return to search.

কামাখ্যা ধামত উপস্থিত অসমৰ ৰাজ্যপাল জগদীশ মুখী

কামাখ্যা ধামত উপস্থিত অসমৰ ৰাজ্যপাল জগদীশ মুখী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 9:45 AM GMT

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বুধবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ লগতে অসমবাসীৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ কাৰণেও মা কামাখ্যাৰ ওচৰত আশীৰ্বাদ বিছাৰে। দেশৰ সকলোতকৈ মহান ধাৰ্মিক স্থানৰ ভিতৰত অন্যতম কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা অম্বুবাছী মেলাৰ নিবৃত্তিৰ সময়ত ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকে ৷

মুখীয়ে বুধবাৰে পুৱা জনসাধাৰণ বিকাশৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইফালে অম্বুবাছী মেলাত উপস্থিত হোৱা দেশী বিদেশী ভক্তসকলক মেলাখন সুন্দৰকৈ অনুষ্ঠিত হোৱাত সহায় কৰা কাৰণে ধন্যবাদ জ্ঞাপন কৰে মুখীয়ি ৷ৰাজ্যপাল জগদীশ মুখীয়ে মন্দিৰৰ পৰিচালনা সমিতি,জনসাধাৰণ, প্ৰশাসনকে আদি কৰি সকলো সংগঠনক সৌদাৰ্হ্যপূৰ্ণ,শান্তি, সম্প্ৰীতি আৰু নিষ্ঠাৰে অম্বুবাচী মেলা অনুষ্ঠিত কৰাত সহায় কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে।

লগতে দেশ বিদেশৰ পৰা একত্ৰিত হোৱা তীৰ্থযাত্ৰীসকলে কামাখ্যা ধামক ছাফা কৰি ৰাখিবৰ কাৰণে আৰু মা কামাখ্যাৰ আশীৰ্বাদ পাবৰ কাৰণে যেনেধৰণে মেলাত সহযোগ কৰিলে তাৰ কাৰণেও সকলোকে ধন্যবাদ দিয়ে ৷অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও বুধবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰে ৷ আৰু মন্দিৰ দৰ্শন আৰু পূজাৰ কাৰণে কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলক আকৰ্ষণ কৰে ।অন্যহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰে আৰু ৰাজ্যৰ জনসাধাৰণৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ কাৰণে প্ৰাৰ্থনা কৰে ৷

উল্লেখ্য যে অম্বুবাচী মেলা হৈছে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ ৷অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে। জনবিশ্বাস মতে আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়। সেয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ‘সাত’ বা ‘ষাঁঠ’ বা অম্বুবাচী বোলা হয়।‘অম্বুবাচী’ বা ‘আমতি’ হ’ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। সংস্কৃত ‘অম্বুবাচী’ শব্দৰ পৰা অসমৰ কামৰূপ জিলাত প্ৰচলিত ‘আমতী’ শব্দটো হৈছে। সংস্কৃতত ‘অম্বু’ৰ অৰ্থ পানী আৰু ‘বাচী’ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয়।

কৃষিৰ কাৰণে প্ৰয়োজন উৰ্বৰতাৰ। আদিম মানৱৰ বিশ্বাসত তিৰোতাৰ জৰায়ূ আৰু মাতৃ বসুমতীৰ জৰায়ূৰ মাজত কোনো পাৰ্থক্য নাই। কৃষিজীৱি জনগণৰ কৃষিৰ প্ৰাচুৰ্য-কামনা আৰু তাৰ বাবে ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাসনা অম্বুবাচীৰ গূঢ় উদ্দেশ্য। আমাৰ ৰাজ্যৰ অধিকাংশ লোক অতীজৰে পৰা কৃষিজীৱি, ইয়াৰ সমাজ ব্যৱস্থা পৰম্পৰাগত। পৃথিৱী বছৰত এবাৰকৈ ৰজস্বলা হয় আৰু ‘অম্বুবাচ’, ‘আমতি’ বা ‘ষাঁঠ’ হ’ল সেই ৰজস্বলাৰ কাল। আদিম কৃষিজীৱিসকলৰ বিশ্বাসত ৰজস্বলা হোৱাৰ পাছতহে তিৰোতাসকল সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচীৰ পাছতহে শস্য উৎপাদনৰ বাবে উপযুক্ত হয়।

মুখ্যমন্ত্ৰী সোনোৱালে প্ৰসিদ্ধ অম্বুবাছী মেলাত একত্ৰিত হোৱা ভক্তসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ সোনোৱালে কামাখ্যা দেৱালয় প্ৰাধিকৰণ,পৰ্যটন,জিলা প্ৰশাসনৰ লগতে ভক্তসকলক সেৱা কৰা প্ৰত্যেকজন লোকক ধন্যবাদ জ্ঞাপন কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : শক্তি পীঠ কামাখ্যাক প্লাষ্টিকমুক্ত কৰিবলৈ বিশেষ পদক্ষেপ

Next Story
চাকৰি