Begin typing your search above and press return to search.

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ পালন কৰি জনসাধাৰণক আগবাঢ়িবলৈ আহ্বান ৰাজ্যপালৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ পালন কৰি জনসাধাৰণক আগবাঢ়িবলৈ আহ্বান ৰাজ্যপালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2020 6:04 AM GMT

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ পালন কৰি জনসাধাৰণক আগবাঢ়িবলৈ আহ্বান ৰাজ্যপালৰ । বোকাখাটৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনত ৬ ফেব্ৰুৱাৰী তাৰিখে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল, অধ্যাপক জগদীশ মুখী।

অসমৰ ৰাজ্যপাল তথা অধ্যাপক জগদীশ মুখীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল অসমৰে নহয় সমগ্ৰ বিশ্বৰ প্ৰেম, শান্তি , জ্ঞান, ভক্তি আৰু দৰ্শকৰ ৰাষ্ট্ৰদূত আছিল । তেওঁ কয় যে অসমৰ সামাজিক, সাংস্কৃতিক, আৰু আধ্যাত্মিক পৰিচয়ত শংকৰদেৱৰ অৱিশ্বসনীয় যোগদান আছে । লগতে তেওঁ অসমৰ জনসাধাৰণক মহাপুৰুষ জনাৰ আদৰ্শ পালন কৰি একগোট হৈ সামাজিক শান্তি আৰু প্ৰশান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক সন্মিলনৰ দ্বিতীয় দিন বৃহস্পতিবাৰ পুৱা ৫ বজাৰ পৰা আৰম্ভ হয় । পুৱা ৭ বজাত নামঘৰত কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা নাম প্ৰসংগ হয় । তাৰ পিছতেই দুপৰীয়া ১২ বজালৈ বিভিন্ন খন বৈঠক হয় । তাৰ পিছতেই বৈষ্ণৱ পণ্ডিত চুনাৰাম আতা স্মৃতি মঞ্চত সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, সাধাৰণ সম্পাদক বাবুল বৰা , প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা , কাশী হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক দিনবন্ধু পাণ্ডে, পুৰীৰ প্ৰখ্যাত গৱেষক বাণীভূষন শাস্ত্ৰী , মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ভৱেন ভৰালী ।

এই সভাত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশ্বত শ্ৰী মন্ত শংকৰদেৱৰ দৰ্শন প্ৰচাৰ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তদুপৰি শ্ৰীমন্ত শংকৰদেৱৰ জ্ঞান বিস্তাৰৰ বাবে ৰাজ্য চৰকাৰে শ্ৰী মন্ত শংকৰদেৱ সংঘলৈ ১০ কোটি টকা আগবঢ়াই।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আন্তঃগাথঁনি‌ অধিক উন্নয়নৰ বাবে ৩০০ বিঘাৰো অধিক মাটি নতুনকৈ আবন্টন দিয়াৰ ঘোষণা কৰে।‌ তেওঁ কয় যে চৰকাৰে প্ৰথমবাৰৰ বাবে ২৬ চেপ্তেম্বৰ তাৰিখে শ্ৰী মন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকী অফিচিয়েলী হিচাপত পালন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।

তদুপৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আলফা (স্বাধীন) ৰ মুখ্য সেণাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ আহ্বান জনায়। সোণোৱালে কয় যূ অসমীয়া আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ বাবেই পৰেশ বৰুৱা শান্তি আলোচনাত আহিব ।

এই অধিৱেশনত বিভিন্ন খন গ্ৰন্থ উন্মোচনী কৰা হয় আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ও অনুষ্ঠিত কৰা হয়।

অন্য খবৰৰ বাবে পঢ়ক : অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠনত কেন্দ্ৰৰ অনুমোদন ঘোষণা

ভিডিঅ প্ৰতক্ষ্য কৰক : Woman set on fire by in-laws in Katigara under Cachar, Rescued after one month

Next Story
চাকৰি