Begin typing your search above and press return to search.

ৰাজস্থানৰ কোটাত আৱদ্ধ ছাত্ৰ ছাত্ৰীক ওভতাই অনাৰ বাবে আৰক্ষী প্ৰেৰণ অসম চৰকাৰৰ

ৰাজস্থানৰ কোটাত আৱদ্ধ ছাত্ৰ ছাত্ৰীক ওভতাই অনাৰ বাবে আৰক্ষী প্ৰেৰণ অসম চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2020 12:54 PM GMT

ৰাজস্থানৰ কোটাত আৱদ্ধ ছাত্ৰ ছাত্ৰীক ওভতাই অনাৰ বাবে আৰক্ষী প্ৰেৰণ অসম চৰকাৰৰ । লক-ডাউনৰ বাবে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক ওভতাই অনাৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ।

আবদ্ধ হৈ থকা এই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ঘৰলৈ ওভতাই অনাৰ বাবে এখন বিশেষ বিমানৰ সৈতে আৰক্ষীৰ এটি দল প্ৰেৰণ কৰিছে চৰকাৰে । জানিব পৰা মতে, এই দলটো ২৪ এপ্ৰিলৰ নিশা ৮ বজাত কোটাত উপস্থিত হ'ব । এই বিশেষ উদ্দেশ্যৰ বাবে প্ৰেৰণ কৰা বিমানখন মালবাহী বা কাৰ্গো প্লেন ।

পাছত আৰক্ষীৰ দলটোৱে বিশেষ বাছৰ সহায়ত তেওঁলোকক ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশৰ কুশীনগৰলৈ আনিব । তাৰপিছতেই তেওঁলোকে আৰক্ষীৰ সৈতে ২৫ এপ্ৰিলত গুৱাহাটীলৈ ৰাওনা হ'ব ।

উল্লেখ্য যে লকডাউনৰ বাবে কোটাত আবদ্ধ হোৱা ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকক ওভতাই আনিবলৈ অসম চৰকাৰক আহ্বান জনাইছিল কিয়নো তেওঁলোক খোৱা বোৱাৰ লগতে আন বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল।‌

ইয়াৰ উপৰি ৰাজ্য চৰকাৰে অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোক সকলকো বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে ।

উল্লেখ্য যে, দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি দেশত আজি শুকুৰবাৰলৈকে ক’ৰ’না মহামাৰীত ৭২৫জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ২৩,২৩৯ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰে পাঁচ হেজাৰ সুস্থ হৈছে। শুকুৰবাৰে এখন সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে মাথোঁ কালিৰ দিনটোত দেশত ক’ৰ’না মহামাৰীত নতুনকৈ ১৬০০ লোক আক্ৰান্ত হয়। এনে পৰিস্থিতিত একাংশ ৰাজ্যৰ চৰকাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মুক্ত হ’ল ত্ৰিপুৰা, দ্বিতীয় জন ৰোগীৰ পৰীক্ষা নিগেটিভ: মুখ্যমন্ত্ৰী দেব

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story