অসমত দুই-তিনি মাহৰ বাবে পৰ্যাপ্ত খাদ্য-সামগ্ৰী মজুত আছে : ফণীভূষণ চৌধুৰী

অসমত দুই-তিনি মাহৰ বাবে পৰ্যাপ্ত খাদ্য-সামগ্ৰী মজুত আছে : ফণীভূষণ চৌধুৰী
Published on

অসমত দুই-তিনি মাহৰ বাবে পৰ্যাপ্ত খাদ্য-সামগ্ৰী মজুত আছে : ফণীভূষণ চৌধুৰী।

ৰাজ্যত আগন্তুক দুই-তিনিমাহৰ বাবে পৰ্যাপ্ত খাদ্য-সামগ্ৰী মজুত আছে ৷ অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে শণিবাৰে এখন সংবাদমেল কয় যে অসমত এতিয়াও দুই-তিনি মাহৰ বাবে পৰ্যাপ্ত খাদ্য মজুত আছে।

তেওঁ কয় যে গোলাঘাট জিলাত বহু দোকান ছীল কৰা হৈছে আৰু কৃত্ৰিম নাটনি সৃষ্টিৰে মুনাফা অৰ্জনৰ অপচেষ্টা চলোৱাৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।‌ মন্ত্ৰীজনে জনোৱা মতে, এখন ট্ৰেইনত বিভিন্ন খাদ্য-সামগ্ৰী আৰু ৪০০ খন ট্ৰাকত খাদ্য-সামগ্ৰী অসমলৈ আহি আছে।

আনহাতে, কৃষি মন্ত্ৰী অতুল বৰা, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, বিধায়ক ভৱেন ভৰালী, যোৰহাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো উপস্থিত থকা সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে দুই-তিনি মাহলৈ অত্যাৱশ্যকীয় খাদ্য-বস্তুৰ প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হ'ব কিয়নো মালবাহী ট্ৰাক আৰু গাড়ী অসমলৈ আহি আছে। সেয়েহে শংকাৰ কোনো কাৰণ নাই । সকলো লোকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা তলাবন্ধৰ নীতি-নিয়মসমূহ পালন কৰিব লাগে লগতে কোৰোনা ভাইৰাছৰ পৰা বাচিবলৈ সামাজিক দূৰত্ব বজাই চলিব লাগে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অভাৱী লোক সকললৈ খাদ্য বিতৰণ চলি আছে।

ইপিনে, কৃষি মন্ত্ৰী বৰাই কয় যে "মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা" ৰ অধীনত ‌ৰাজ্যৰ ৬ লাখ লাভাৰ্থীৰ ভিতৰত ৪ লাখ কৃষকক আগতেই ৫০০০ কৈ ধনৰ আধা দিয়া হৈছে, এই ৰাশিৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ ২ লাখ কৃষকেও লাভ অতি সোনকালেই পাব।‌

সমগ্ৰ ৰাজ্যত কৃষক সকলে ১৫ এপ্ৰিলৰ পৰাই পথাৰত কাম আৰম্ভ কৰিব আৰু গ্ৰামীণ অঞ্চলত ঋতুগত খেতি জাৰি ৰখাৰ অনুমতি প্ৰদান কৰা হ'ব।

তেওঁ কয় যে চৰকাৰে ১৫ এপ্ৰিলৰ পৰা বীজ বিতৰণ আৰম্ভ কৰিব আৰু সকলো কৃষকলৈ অনুৰোধ যে বস্তুৰ লাভ পাবলৈ তেওঁলোকে যাতে ওচৰৰ কৃষি সম্বন্ধীয় অধিকাৰীৰ লগত সম্পৰ্ক কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com