আৰম্ভ বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন: প্ৰথম দিনাই বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

আৰম্ভ বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন: প্ৰথম দিনাই বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

আজিৰে পৰা অনুষ্ঠিত হ'ল বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনৰ প্ৰথম দিনাই বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল ।

অসম সংগ্ৰামী মঞ্চয়ে দিছপুৰ লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰীষ্মকালীন অধিবেশনৰ প্ৰথম দিনাই । অসম সংগ্ৰামী মঞ্চয়ে কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে । দাবী সমুহৰ ভিতৰত আছে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমস্যাৰ ব্যবস্থা গ্ৰহণ কৰা । বানাক্ৰান্তক পুনৰ সংস্থাপন নিশ্চিত কৰাৰ লগতে নিযুক্তিৰ ক্ষেত্ৰত বিষয়া পৰ্যায়ত ৮০ শতাংশ আৰু তৃতীয়/ চতুৰ্থ বৰ্গত ১০০ শতাংশ পদ থলুৱা যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰা । ঠিকা ভিত্তিত নিযুক্তি ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে প্ৰাপ্য বেতন শীঘ্ৰেই মোকলাই দিয়া । লগতে গুৱাহাটী মহানগৰীৰ প্ৰতিটো ভূমিহীন পৰিয়ালক ১ কঠা ৫ লেচা মাটি আবন্টনৰ ব্যবস্থা গ্ৰহণ কৰাৰ লগতে পদপথৰ ব্যবসায়িক সকলৰ ওপৰত হাৰাশাস্তি বন্ধ কৰা আদি দাবী উত্থাপন কৰে ।

আনহাতে লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলও প্ৰতিবাদ সাব্যস্ত কৰে। আজি ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে অসমৰ ভয়াবহ বান পৰিস্থিতি আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। এই দুয়োটা সমস্যাৰ স্থায়ী সমাধান বিচাৰি ধৰ্না প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । লগতে প্ৰতিবাদকাৰী সকলে কেন্দ্ৰয়ে অসমক হেমাহি কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰে ।

আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা ৪০ লাখ মানুহক যদি ডিটেনচন কেম্পত ৰখা হয় তেতিয়া বছৰী প্ৰায় ১৪,৪০০ কোটি টকাৰ প্ৰয়োজন । এই বৃহৎ ধনৰাশি কৰ পৰা আহিব বুলিও প্ৰশ্ন উত্থাপন কৰে।

বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনৰ প্ৰথম দিনাই চি পি আইয়ে প্ৰতিবাদ সাব্যস্ত কৰে। চি পি আইয়ে বান সাহাৰ্য্য , শুদ্ধ এন আৰ চি আৰু কাগজ কল পুনৰীক্ষণ কৰাৰ দাবীত বিধান সভাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । চি পি আইয়ে অভিযোগ উত্থাপন কৰে যে, অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু বানাক্ৰান্ত সকলক সাহাৰ্য্য আগবঢ়োৱাত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। কেন্দ্ৰয়ে অসম চৰকাৰে বিচৰা ২৩০০ কোটি এতিয়ালৈকে মুকলি কৰি দিয়া নাই। অসমৰ ৫০ লাখ বানপীড়িত ৰাইজৰ সাহাৰ্য্যৰ বাবে মাত্ৰ ২৫২ কোটি টকা দিয়ে দায়িত্ব সামৰিছে বুলি অভিযোগ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com