১৭ সংখ্যক লোকসভা প্ৰথম অধিবেশন আৰম্ভ: প্ৰধানমন্ত্ৰী , আন সদস্যৰ শপত গ্ৰহণ

১৭ সংখ্যক লোকসভা প্ৰথম অধিবেশন আৰম্ভ: প্ৰধানমন্ত্ৰী , আন সদস্যৰ শপত গ্ৰহণ

আজিৰ পৰা আৰম্ভ হৈছে ১৭ সংখ্যাক লোকসভা প্ৰথম অধিবেশন। আজি হাউচৰ নেতা আৰু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ লগতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ , গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে আন আন সদস্য সমূহে ১৭ সংখ্যাক লোকসভাত শপত গ্ৰহণ কৰে ।

অধিবেশনৰ কাম কাজ আৰম্ভ হোৱাৰ আগত কেই মিনিট মানৰ বাবে মৌন প্ৰাৰ্থনা কৰে ।

যেতিয়া প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীক শপত গ্ৰহণ কৰিবলৈ মাতে তেতিয়া এন ডি এৰ সকলোৱে সদস্যয়ে মোদীক উষ্ম আদৰণি জনাই "মোদী মোদী" শ্লোগান দিয়াৰ লগতে "ভাৰত মাতা কি জেই " বুলি শ্লোগান দিয়ে।

প্ৰিজাইডিং অফিচাৰ পেনেলৰ কে সুৰেশ , ব্ৰীভূশ্বান চাৰান সিঙ আৰু বি মেহতাকে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে হিন্দীত শপত গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী হাৰ্ষ বৰ্ধন, শ্ৰীপাদ নাইক, অশ্বৱনি চাউবে আৰু প্ৰতাপ চান্দ্ৰ চাৰাঙগিয়ে সংস্কৃতত শপত গ্ৰহণ কৰে।

আনহাতে ডি ভি সদানন্দা গাউদা আৰু প্ৰহ্লাদ জুচীয়ে কানাডা ভাষাত আৰু হাৰ্চমিতা কৌৰ বাদলে পাঞ্জাবিত শপত গ্ৰহণ কৰে।

ৰামেশ্বৰ তেলী য়ে অসমীয়াত কৰাৰ লগতে দেবাশ্ৰী চৌধৰীয়ে বেংগলীত শপত গ্ৰহণ কৰে । আজি ৰাহুল গান্ধী উপস্থিত নাথাকে । অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

সদনত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে সংবাদ মাধ্যমক। প্ৰধানমন্ত্ৰীয়ে সদনৰ কাৰ্যসূচী সুচাৰুৰূপে চলাই নিয়াৰ লগতে বিৰোধীৰ সহযোগিতা কামনা কৰে। মোদীয়ে কয় যে বিৰোধীয়ে আসনৰ চিন্তা এৰি জনতাৰ সমস্যা তুলি ধৰক। আমাৰ বাবে বিৰোধী গুৰুত্বপূৰ্ণ। সদনত আমি পক্ষ–বিপক্ষ এৰি নিৰপেক্ষভাৱে কাম কৰিব লাগিব। আশা কৰিছো এইবাৰ সদনত অধিক কাম হ’ব।

প্ৰধানমন্ত্ৰীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ বিজয়ৰ কথাও উল্লেখ কৰে। মোদীয়ে কয় যে বিৰোধী গণতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।অধিৱেশনৰ কাম–কাজ আৰম্ভ হোৱাৰ লগে লগে সৰ্বপ্ৰথমে মোদীয়ে সাংসদৰ কৰ্তব্য পালনৰ শপত লয়। আজি লোকসভাৰ লগতে ৰাজ্যসভাৰ কাম–কাজো আৰম্ভ হৈছে।

অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰ'টেম অধক্ষ্য হিচাপে বীৰেন্দ্ৰ কুমাৰক শপত বাক্য পাঠ কৰোৱাই।

আজি বহুকেইজন সাংসদে নিজৰ মাতৃভাষাত শপত বাক্য পাঠ কৰে। বাবুল সুপ্ৰিয়য়ে ইংৰাজী ভাষাত , অৰবিন্দ গনপাট চাৱান্ত , ৰাওচাহেব পাটিল দানবে মাৰাথী ভাষাত শপত বাক্য পাঠ কৰোৱাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com