Begin typing your search above and press return to search.

পত্নী বাংলাদেশী, সেয়েহে ডিটেনচন কেম্পলৈ পঠিয়াই দিয়ক: স্বামী

পত্নী বাংলাদেশী, সেয়েহে  ডিটেনচন কেম্পলৈ পঠিয়াই দিয়ক: স্বামী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 July 2019 1:19 PM GMT

অসমৰ এজন ব্যক্তিৰ চৰকাৰলৈ অনুৰোধ । তেওঁ পত্নী বাংলাদেশী , সেয়েহে পত্নীক ডিটেনচন কেম্পলৈ পঠিয়াই দিয়ক ।" বিদেশী পত্নীৰ স্বামী আকবৰ আলীয়ে কৈছে যে, পত্নী আৰু পত্নীৰ পৰিয়ালে আকবৰৰ পৰা সকলো লুকুৱাই বিয়াত বহিছিল। পত্নী মৰজিনা বিবিয়ে আৰু তেওঁৰ পৰিয়ালে তেওঁলোক বাংলাদেশী নাগৰিক বুলি আকবৰ আলীক কোৱা নাছিল বুলি মন্তব্য কৰে। সেয়েহে বাংলাদেশী পত্নীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আকবৰে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কতৃপক্ষক আবেদন কৰিছে ।

নামনি অসমৰ গোসাঁইগাওত বসবাস কৰে আকবৰ আলীৰ পৰিয়ালে। আকবৰ আলীয়ে লগতে কয় যে, " আমাৰ ১৩ বছৰৰ আগতে বিয়া হৈছিল । দুজনী জীয়েক আছে । এজনীৰ বয়স ৬ বছৰ আৰু আনজনীৰ ৯ বছৰ। পত্নীয়ে মোক কেতিয়াও নকলে যে তেওঁলোক বাংলাদেশী ।"

কিন্তু বিদেশী ন্যায়াধীশকৰন পৰা তেওঁৰ পত্নী আৰু পৰিয়ালক কোনো জাননী দিয়া নাই বাবে স্বামীয়ে নিজেই চৰকাৰক আবেদন কৰিছে ।

"পূৰ্বৰ পৰা পত্নীৰ ওপৰত সন্দেহ আছিল । এতিয়া মই বুজিছো যে তেওঁলোক ভাৰতৰ নাগৰিক নহয় । বাংলাদেশী জীয়েকক মোলৈ বিয়া দি মোক ঠগিলে ।" বুলি তীব্ৰ ক্ষোভ আকবৰ আলীৰ । সেয়েহে পত্নীক ডিটেনচন কেম্পলৈ পঠিয়াবলৈ অনুৰোধ স্বামীৰ ।

৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০.০৭ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই । ২০১৮ চনত ৩.২৯ কোটি লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল । সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিছে কৰাৰ পূৰ্বে লোক সকলে নাম অন্তৰ্ভুক্তিৰ আবেদন কৰিব পাৰিব ।অভিযোগ আৰু আবেদনৰ প্ৰক্ৰিয়া চলি আছে। ৩৬.২ লোকে আবেদন কৰিছে যত ইতিমধ্যে ২ লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে

অন্য খবৰৰ বাবে পঢ়ক : ৩,২৭৬.৮০ টকা উৎকুচ দি সীমান্ত পাৰ হৈ অহা বাংলাদেশীক আটক

Next Story
চাকৰি