Begin typing your search above and press return to search.

লাম্পিৰ অসমৰ স্কুলত মেঘালয় আৰক্ষীৰ শিবিৰঃ সদনত বাকযুদ্ধ শাসক-বিৰোধীৰ

লাম্পিৰ অসমৰ স্কুলত মেঘালয় আৰক্ষীৰ শিবিৰঃ সদনত বাকযুদ্ধ শাসক-বিৰোধীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 8:45 AM GMT

লাম্পিৰ অসমৰ স্কুলত মেঘালয় আৰক্ষীৰ শিবিৰঃ সদনত বাকযুদ্ধ শাসক-বিৰোধীৰ

দীৰ্ঘকাল ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰে চলি অহা সীমা বিবাদৰ প্ৰসংগই বুধবাৰে বিধানসভাৰ আলোচনাত স্থান লাভ কৰে। শেহতীয়াভাবে মেঘালয় আৰক্ষীয়ে কামৰূপৰ লাম্পি অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয় অনাধিকাৰভাবে দখল কৰি শিবিৰ পাতে। ইয়াকে লৈ সীমান্তৱৰ্তী অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ কৰি আছে। অসমৰ প্ৰশাসনৰ অনুৰোধক সমূলি গুৰুত্ব নিদি স্কুলখন বেদখল কৰি ৰাখে। বুধবাৰে বিষয়টো সদনত উত্থাপন কৰি পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে মেঘালয়ে অসমৰ মাটি বেদখল কৰিছে।সদনৰ শূন্যকালত বিষয়টো উত্থাপন কৰা বিধায়কজনে সীমান্ত অঞ্চলৰ উন্নয়নত অসম চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে। সীমান্ত অঞ্চলৰ প্ৰতি অসম চৰকাৰৰ স্থিতিক সমালোচনা কৰি শাসকীয় মিত্ৰজোঁটৰ বিধায়কজনে বিষয়টো উত্থাপন কৰাৰ লগে লগে সদনত শাসক-বিৰোধীৰ মাজত কিছুসময় ধৰি আলোচনা চলে। ইয়াৰ পূৰ্বে অগপ বিধায়ক কলিতাই কয়,” অসম চৰকাৰে আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ উন্নয়নৰ কাম কৰিব নোৱাৰে। কাৰণ সীমান্ত অঞ্চল উন্নয়নৰ আঁচনি গ্ৰহণ কৰিলেই ৰাজ্যৰ বন বিভাগৰ পৰা বাধা আহে।

কিন্তু মেঘালয়ৰ ক্ষেত্ৰত এনে বাধা নাই। ইয়াৰ সুবাদত চুবুৰীয়া ৰাজ্যখনে বহু ঠাইত অসমৰ ভূমি বেদখল কৰিছে”।আনহাতে, মেঘালয় সীমান্তত অসমৰ সীমান্ত আৰক্ষী চকী(বি অ পি) নথকাটোৱেও অসমৰ ভূমি বেদখল কৰিবলৈ চুবুৰীয়া ৰাজ্যখনক উত্সাহিত কৰা বুলি বিধায়ক কলিতাই মন্তব্য কৰে। তেওঁ লগতে সীমান্ত অঞ্চলসমূহত বাস কৰা অসমৰ বাসিন্দাসকলক বনবাসীৰূপে ঘোষণা কৰিবলৈ দাবী জনায়। ইয়াৰ দ্বাৰা সীমান্তৱৰ্তী অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজ কৰিব পৰা যাব বুলি মতপোষণ কৰি তেওঁ কয় যে এনে পদক্ষেপৰ জড়িয়তে মেঘালয়ৰ দ্বাৰা অসমৰ ভূমি বেদখল বন্ধ কৰিব পৰা যাব। ইপিনে, বিষয়টো সন্দৰ্ভত বিধায়ক কলিতাই আগবঢ়াই থকাৰ সময়তে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে তেওঁক বাধা প্ৰদান কৰি কয় যে লাম্পিৰ বিবাদ বহু পুৰণি।সম্প্ৰতি সমস্যাটো মিলা-মিছাৰে সমাধান কৰিব লাগে বুলি অধ্যক্ষ গোস্বামীয়ে মন্তব্য কৰে।

আনহাতে, বিষয়টো সম্পৰ্কত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা বিবাদ চলি আহিছে। লাম্পিৰ সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব বুলি মন্ত্ৰী পাটোৱাৰীয়ে মন্তব্য কৰি কয়, “ লাম্পিৰ বিবাদক লৈ ১৩ মাৰ্চত কামৰূপৰ উপায়ুক্ত আৰু মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাৰ উপায়ুক্ত আলোচনাত মিলিত হ’ব। যোৱা বছৰ আমি সীমান্তত এটা বি অ পি স্থাপন কৰিবলৈ লওঁতে মেঘালয়ে বাধা দিছিল”।

অন্য খবৰৰ বাবে পঢ়কঃ বিটিচি নিৰ্বাচন অকলে খেলিব বিজেপিয়ে, দুই বিপৰীত মেৰুত হাগ্ৰামা-ৰঞ্জিত দাস

ভিডিঅ প্ৰতক্ষ্য কৰকঃ UK Queen Elizabeth II recognises Jadav Payeng from Assam with ‘Commonwealth Points of Light’ Award

Next Story
চাকৰি