Begin typing your search above and press return to search.

বিটিচি নিৰ্বাচন অকলে খেলিব বিজেপিয়ে, দুই বিপৰীত মেৰুত হাগ্ৰামা-ৰঞ্জিত দাস

বিটিচি নিৰ্বাচন অকলে খেলিব বিজেপিয়ে, দুই বিপৰীত মেৰুত হাগ্ৰামা-ৰঞ্জিত দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 6:28 AM GMT

বিটিচি নিৰ্বাচন অকলে খেলিব বিজেপিয়ে, দুই বিপৰীত মেৰুত হাগ্ৰামা-ৰঞ্জিত দাস

বিটিচি নিৰ্বাচনত অকলে খেলিব বিজেপিয়ে । আগন্তক বি টি চি নিৰ্বাচনত মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰে বিজেপিয়ে ৷ ইয়াৰ স্পষ্ট ইংগিত দি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে বি টি চি নিৰ্বাচনত দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব বি টি চি নিৰ্বাচনত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি দাসে সদৰী কৰিছে। বুধবাৰে বাক্সা জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত হোৱা এক বৈঠকত এই কথা ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৷

এই আলোচনাত ৪০ টা বিটিচি পৰিষদীয় সমষ্টিৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰিৰ দলীয় কৰ্মী, কে’বাজনো মন্ত্ৰী, বিজেপি সাংসদ দিলীপ শ ইকীয়া, গোলকগঞ্জ বিজেপি বিধায়ক অশ্বিনী ৰয় সৰকাৰ , ৰাজ্যিক বিজেপি সাধাৰণ সম্পাদক পুলক গোহাঁই আদিও উপস্থিত থাকে।‌ লক্ষ্যণীয় যে বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যিক বিজেপি সভাপতি দাসৰ সম্পূৰ্ণ বিপৰীত মন্তব্য কৰিছে ৷

কালি গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত বি টি চি প্ৰধান মহিলাৰীয়ে কয় যে আগন্তুক বি টি চি নিৰ্বাচনত বিজেপি আৰু অগপৰ সৈতে মিত্ৰতাৰে বি পি এফ অৱৰ্তীৰ্ণ হ’ব৷

২০১৫ চনত বি পি এফে ৪০ খন আসনৰ ২০ খন আসনত জয় লাভ কৰি তৃতীয় কাৰ্যকালৰ বাবে ক্ষমতা হাতত লৈছিল। লগতে বিজেপিয়ে লাভ কৰিছিল এখন আসন । বি পি এফ মুৰব্বীজন আৰু ৰাজ্যিক বিজেপি সভাপতিজনে এনেদৰে সম্পূৰ্ণ বিপৰীত মন্তব্য কৰাত এক নতুন জল্পনা-কল্পনাৰ সূচনা হৈছে ৷ লক্ষ্যণীয় যে ৰাজ্যিক বিজেপি সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা দাসে দুই মিত্ৰ দল অগপ আৰু বি পি এফৰ পৰা দূৰত্ব বজাই ৰাখিছে৷

অন্য খবৰৰ বাবে পঢ়কঃ আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা দল সংগঠনৰ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ UK Queen Elizabeth II recognises Jadav Payeng from Assam with ‘Commonwealth Points of Light’ Award

Next Story
চাকৰি