Begin typing your search above and press return to search.

 আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা দল সংগঠনৰ

 আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা দল সংগঠনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 6:23 AM GMT

আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা দল সংগঠনৰ

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনকলৈ তৎপৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থী। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বিশ্বজিৎ দৈমাৰীয়ে বি পি এফৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে বিজেপি আৰু কংগ্ৰেছ-এ আই ইউ ডি এফৰ জোঁটবন্ধনেও নিজৰ নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। মনোনয়ন পত্ৰ দাখিলৰ শেখ তাৰিখ হ'ল ১৩ মাৰ্চ ।

উচ্চ সদনত ৰাজ্যৰ তিনিখন আসনক লৈ অহা ২৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া তিনিখন আসনৰ প্ৰথম খন আসনৰ বাবে বিজেপিয়ে ভূৱনেশ্বৰ কলিতাৰ নাম প্ৰাৰ্থী ৰূপে ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু এ‌ আই ইউ ডি এফে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ‌ নাম উমৈহতীয়া প্ৰাৰ্থী ৰূপে ঘোষণা কৰে। অানহাতে, তৃতীয়খন আসনৰ বাবেও বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ইংগিত দিছে ।

বি পি এফৰ দৈমাৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , অগপৰ সভাপতি অতুল বৰা আৰু অন্য বহু লোকৰ উপস্থিতিত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয়, “ "আমাৰ মিত্ৰজোঁটত পৰ্যাপ্ত সদস্য আছে , মোৰ জয় নিশ্চিত" ।

একেদৰে মুখ্যমন্ত্ৰী সোণোৱালেও কয় যে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত। সোণোৱালক ৰাজ্যসভাৰ তৃতীয়খন আসন সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয় যে "তৃতীয়খন আসনত প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভত দলৰ পৰিকল্পনা আৰু ৰণনীতি পৰৱৰ্তী সময়ত জনাম "।

আনহাতে, বিত্ত মন্ত্ৰী শৰ্মাই কয় যে "আমি ২০১৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অগপ আৰু বি পি এফৰ লগত মিত্ৰতা কৰিছিলো।সেই চুক্তি অনুসৰি আমি অগপক এখন ৰাজ্যসভাৰ আসন প্ৰদান কৰিছো আৰু এতিয়া বি পি এফক এখন আসন প্ৰদান কৰিম"।

তৃতীয়খন আসন সম্পৰ্কে প্ৰশ্ন কৰাত মন্ত্ৰী শৰ্মাই লগতে কয়, "আমি ভাৱো তৃতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ‌ বিজয়ী হোৱাৰ পৰিবেশ এটা এতিয়াও আছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফে দিয়া প্ৰাৰ্থীক লৈ সিদ্ধান্ত লম " ।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা সম্পৰ্কে মন্ত্ৰী শৰ্মাই কয়, " অজিত কুমাৰ ভূঞাই যদি বদৰুদ্দিন আজমলৰ লগত একেখন মঞ্চতে থিয় হয় তেন্তে জাতিটোৰ বাবে দুখৰ বিষয় একো হ'ব নোৱাৰে "।

অন্য খবৰৰ বাবে পঢ়কঃ ৰাহু কালৰ বাবে কিছুসময় পিছুৱালে সিন্ধিয়াৰ বিজেপিত যোগদান

ভিডিঅ প্ৰতক্ষ্য কৰকঃ UK Queen Elizabeth II recognises Jadav Payeng from Assam with ‘Commonwealth Points of Light’ Award

Next Story
চাকৰি