Begin typing your search above and press return to search.

ৰাহু কালৰ বাবে কিছুসময় পিছুৱালে সিন্ধিয়াৰ বিজেপিত যোগদান

ৰাহু কালৰ বাবে কিছুসময় পিছুৱালে সিন্ধিয়াৰ বিজেপিত যোগদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2020 11:26 AM GMT

ৰাহু কালৰ বাবে কিছুসময় পিছুৱালে সিন্ধিয়াৰ বিজেপিত যোগদান

অৱশেষত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই। ইয়াৰ লগে লগে যোৱা দুদিন ধৰি চলি থকা আলোড়ন সৃষ্টিকাৰী ৰাজনৈতিক নাটকখনৰ যৱনিকা পৰে। অৱশ্যে বুধবাৰে দুপৰীয়া ১২-৩০বজাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই আনুষ্ঠানিকভাবে বিজেপিত যোগদানৰ কথা আছিল। কিন্তু এই নিৰ্দিষ্ট সময়ত তেওঁৰ দলত যোগদান সম্ভৱ নহ’ল। ইয়াৰ কাৰণ আছিল আজি দুপৰীয়া ১২-৩০ বজাত ৰাহু কাল আছিল। ৰাহু কালে অমংগলসূচোৱা বুলি বিশ্বাস কৰি বিজেপিৰ এজনো নেতা দলৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত নহ’ল। ফলত কিছু সময়ৰ বাবে সিন্ধিয়াৰ দলত যোগদান স্থগিত ৰাখিবলগীয়ৈ হয়।অৱশ্যে পাছত তেওঁ দলত যোগদান কৰে। আনহাতে, সিন্ধিয়াৰ অনুগত ২১জন কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰাত মধ্য প্ৰদেশৰ কমল নাথ চৰকাৰত তীব্ৰ অস্তিৰতাৰ সৃষ্টি হৈছে। ডেৰ বছৰীয়া চৰকাৰখন ভাঙি পৰাৰ আশংকাও প্ৰকট হৈছে। উল্লেখ্য যে মধ্য প্ৰদেশৰ দুখন আসনত অলপতে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

https://twitter.com/BJP4India/status/1237673399398236161

এই দুয়োখন আসন বিজেপিয়ে দখল কৰাৰ লক্ষ্য লৈছে ৷ ইয়াৰ অংক কৰি গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দুই কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু নৰেন্দ্ৰ সিং টোমৰে ৰাজ্যখনত এই 'ছাৰ্জিকেল ষ্ট্ৰাইক’ চলায় ৷ এইক্ষেত্ৰত মধ্য প্ৰদেশ বিজেপি অন্ধকাৰত থাকে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে ৷ আনহাতে, শ্বাহ-প্ৰধান-টোমৰৰ ৰাজনৈতিক সমীকৰণ সফল কৰি তোলে গান্ধী পৰিয়ালৰ একালৰ বিশ্বস্ত অনুগত তথা গোৱালিয়ৰৰ ৰাজ পৰিয়ালৰ সন্তান সিন্ধিয়াই ৷ প্ৰায় ডেৰ বছৰ পূৰ্বে চৰকাৰ গঠনৰ সময়ৰে পৰা মুখ্যমন্ত্ৰী কমল নাথৰ সৈতে সিন্ধিয়াৰ শীতল যুদ্ধ চলি আছিল৷ একালৰ বিচক্ষণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত মাধৱ ৰাও সিন্ধিয়াৰ পুত্ৰ জ্যোতিৰাদিত্যৰ বিজেপি গমনে কেৱল কংগ্ৰেছতে নহয়, সমগ্ৰ বিৰোধী শিবিৰতে আলোড়ন তোলা বুলিও চৰ্চা হৈছে ৷

উল্লেখ্য যে ২৩১আসন বিশিষ্ট মধ্য প্ৰদেশ বিধানসভাত চৰকাৰ গঠনৰ বাবে ১১৬জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন ৷ নাথ চৰকাৰলৈ দলীয়-নিৰ্দলীয়সহ ১২০জন বিধায়কে সমৰ্থন আগবঢ়ায় ৷ কালি ২১জন কংগ্ৰেছ বিধায়কে পদত্যাগ কৰে। আনহাতে, ৰাজ্যখনত বিজেপিৰ ১০৭ জন বিধায়ক আছে ৷ গতিকে এনে পৰিস্থিতিত অনুগতসহ সিন্ধিয়াৰ বিজেপি গমনে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰৰ পতন প্ৰায় নিশ্চিত কৰিছে ৷ অৱশ্যে বৰ্তমানলৈ মুখ্যমন্ত্ৰী নাথে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এনে অটলাৱস্থাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে দাবী কৰে যে নাথ চৰকাৰৰ পতনৰ কোনো সম্ভাৱনা নাই।

অন্য খবৰৰ বাবে পঢ়কঃ ক’ৰ’না ভাইৰাছৰ আতংকঃ আন্তৰ্জাতিক সীমান্ত ছীল মণিপুৰ-মিজোৰামৰ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ KMSS Leader Akhil Gogoi rushed to GMCH once again on Wednesday

Next Story
চাকৰি