Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ আতংকঃ আন্তৰ্জাতিক সীমান্ত ছীল মণিপুৰ-মিজোৰামৰ

ক’ৰ’না ভাইৰাছৰ আতংকঃ আন্তৰ্জাতিক সীমান্ত ছীল মণিপুৰ-মিজোৰামৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2020 8:51 AM GMT

ক’ৰ’না ভাইৰাছৰ আতংকঃ আন্তৰ্জাতিক সীমান্ত ছীল মণিপুৰ-মিজোৰামৰ

চীনৰ য়ুহানত সৃষ্ট ক’ৰ’না ভাইৰাছে ক্ৰমে ভাৰততো জটিল অৱস্থাৰ সৃষ্টি কৰিবলৈ ধৰাৰ প্ৰতি লক্ষ্য ৰাখি শংকিত হৈ উঠিছে মিজোৰাম আৰু মণিপুৰ। ইয়াৰ কাৰণ হৈছে দুয়োখন ৰাজ্য ম্যানমাৰ সীমান্তত অৱস্থিত। তদুপৰি মিজোৰাম বাংলাদেশ সীমান্তৱৰ্তীও।ৰাজ্য দুখনে ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ উদ্দেশ্য আন্তৰ্জাতিক সীমা ছীল কৰিছে।ম্যানমাৰ-মিজোৰামৰ সীমাৰ দূৰত্ব ৫১০ কিলোমিটাৰ আৰু মিজোৰাম-বাংলাদেশ সীমান্তৰ দূৰত্ব ৩১৮ কিলোমিটাৰ। বাংলাদেশ সীমান্ত ছীল কৰাৰ বিষয়ে সদৰী কৰি মণিপুৰৰ গৃহ বিভাগৰ বিশেষ সচিব এইচ জ্ঞান প্ৰকাশে কয় যে ক’ৰ’না ভাইৰাছৰ ভয়াবহ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য কৰি বাংলাদেশ সীমান্ত ছীল কৰা হৈছে। এই আন্তৰ্জাতিক সীমান্তত মানুহ আৰু যান-বাহনৰ চালচলনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একেদৰে মিজোৰাম চৰকাৰেও ম্যানমাৰ সীমান্ত বন্ধ কৰিছে।

উল্লেখ্য যে ম্যানমাৰ সীমান্ত বন্ধ কৰাৰ দাবী তুলি কিছুদিন পূৰ্বে সৰৱ হৈ উঠে মিজোৰাম প্ৰদেশ কংগ্ৰেছ। এক বিবৃতিত মিজোৰাম প্ৰদেশ কংগ্ৰেছে এই দাবী উত্থাপন কৰি মন্তব্য কৰিছিল যে প্ৰায়ে ম্যানমাৰৰ নাগৰিকে মিজোৰামত প্ৰৱেশ কৰে। এনেদৰে ৰাজ্যখনত চীনা লোকেও প্ৰৱেশ কৰে। এইসকলৰ ক্ষেত্ৰত কোনোধৰণৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থাও নাই।ফলত যিকোনো মূহূৰ্ততে ৰাজ্যখনত ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব ঘটাৰ আশংকা আছে। কাৰণ চীনৰ য়ুহানত ক’ৰ’না ভাইৰাছৰ প্ৰথমে প্ৰাদুৰ্ভাব ঘটে তথা দেশখনত সহস্ৰাধিক লোকে এই ৰোগত মৃত্যুবৰণ কৰিছে, গতিকে তাত্ক্ষণিকভাবে ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰিবলৈ মিজোৰাম প্ৰদেশ কংগ্ৰেছে দাবী উত্থাপন কৰে।একেদৰে এটা বেচৰকাৰী সংগঠন (এন জি অ’)-এও ভাৰত-ম্যানমাৰ সীমান্তত ফেন্সিং স্থাপনৰ দাবী জনায়।

মিজোৰাম চাকমা এলায়েন্স এগেইনষ্ট ডিছক্ৰিমিনেচন নামৰ এই সংগঠনে অভিযোগ কৰে যে বিগত কিছু দিনত ভাৰত—ম্যানমাৰ সীমান্তৰ মিজোৰামত চোৰাংকৈ অনা এশ কোটি টকাৰ বিভিন্ন সা-সামগ্ৰী চৰকাৰী সংস্থাই জব্দ কৰে। এনেদৰে পৰিস্থিতি জটিল হৈ উঠিছে বুলি সংগঠনটোৰ সভাপতি পৰিতোষ চাকমাই মন্তব্য কৰি কয় যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ উপৰি চোৰাং কাৰবাৰ ৰোধৰ বাবেও চৰকাৰে ক্ষিপ্ৰতৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আনহাতে, মিজোৰামৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমানলৈ ১৪,৬৪০ জন লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰু ছিকিমেও ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ উদ্দেশ্য পদক্ষেপ গ্ৰহণ পদক্ষেপৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ চৰকাৰে ৰাজ্য দুখনত বিদেশী নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে।

অন্য খবৰৰ বাবে পঢ়কঃ ক’ৰ’না ভাইৰাছত আক্ৰান্ত স্বয়ং ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী নাডাইন ডৰিছ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Next Story
চাকৰি