Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছত আক্ৰান্ত স্বয়ং ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী নাডাইন ডৰিছ

ক’ৰ’না ভাইৰাছত আক্ৰান্ত স্বয়ং ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী নাডাইন ডৰিছ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2020 7:54 AM GMT

ক’ৰ’না ভাইৰাছত আক্ৰান্ত স্বয়ং ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী নাডাইন ডৰিছ

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ব্ৰিটেইনৰ স্বয়ং স্বাস্থ্য মন্ত্ৰী। চীনৰ য়ুহানৰ পৰা প্ৰাদুৰ্ভাব ঘটা এই ৰোগত ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি তিনি সহস্ৰাধিক লোক মৃত্যুমুখত পৰা তথা লক্ষাধিক আক্ৰান্ত হোৱাক লৈ চৌদিশে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে। ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰী তথা ৰক্ষণশীল দলৰ সাংসদ নাডাইন ডৰিছৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে্। ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে নিজকে নিজ বাসভৱনত আছুতীয়া কৰি ল’বলগীয়া সাৱধানতা গ্ৰহণ কৰিছে। এই কথা সদৰী কৰি টুইটাৰত মন্ত্ৰীগৰাকীয়ে কয়, “মোৰ আৰোগ্য কামনা কৰি বাৰ্তা প্ৰেৰণ কৰা সকলোলৈকে ধন্যবাদ জনালো। মই নিজক লৈ চিন্তা কৰা নাই। চিন্তা হৈছে মোৰ ৮৪বছৰীয়া মাতৃক লৈহে ”।

উল্লেখ্য যে ডৰিছ হৈছে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্ৰিটেইনৰ প্ৰথমগৰাকী ৰাজনীতিক। মন্ত্ৰীগৰাকী এই ৰোগত আক্ৰান্ত হোৱাৰ কথা ব্ৰিটেইনৰ স্বাস্থ্য সচিব মট হেনককেও প্ৰকাশ কৰিছে। ইপিনে, অলপতে ইজৰাইল চৰকাৰে দাবী কৰে যে দেশখনৰ একাংশ চিকিত্সা বিজ্ঞানীয়ে কিছুদিনৰ ভিতৰতে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব। দেশখনৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অধীনৰ ‘মিগাল’ শীৰ্ষক গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনত ব্যস্ত হৈ আছে। এই কথা সদৰী কৰি দেশখনৰ বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী অফিৰ আকুনিছে কয় যে মিগালৰ জড়িয়তে কিছু সপ্তাহৰ ভিতৰতে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন হ’ব বুলি তেওঁ আশাবাদী।

এই ক্ষেত্ৰত সংশ্লিষ্ট বিজ্ঞানীসকলে প্ৰাৰম্ভিক সফলতা লাভ কৰা বুলি মন্ত্ৰীজনে সদৰী কৰে। ইপিনে, নিতৌ বিশ্বৰ আন বিভিন্ন দেশৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় চিকিত্সা পৰিষদে দেশৰ বিভিন্ন স্থানত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তক চিনাক্ত কৰিবলৈ ৫২টা পৰীক্ষাগাৰ স্থাপন কৰিছে। তদুপৰি দুটা পৰীক্ষাগাৰ ক্ৰমে এটা দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) আৰু আনটো ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই এই ৰোগ নিৰ্ণয়ত সহায় কৰি আছে। নতুনকৈ স্থাপিত পৰীক্ষাগাৰসমূহে নমুনা সংগ্ৰহত সহায় কৰি আছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।যোৱা ছয় মাৰ্চলৈকে এই পৰীক্ষাগাৰসমূহত ৩,৪০৪ জন লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে। এই মহাব্যাধিয়ে অন্যান্য ক্ষেত্ৰৰ উপৰি বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে। আগন্তক টকিঅ (জাপান)অলিম্পিকৰ আয়োজকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে।

অন্য খবৰৰ বাবে পঢ়কঃ চৰকাৰী অনীহাঃ নখ-দন্তহীন বাঘত পৰিণত আৰক্ষী দায়বদ্ধতা আয়োগ!

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Next Story
চাকৰি