চৰকাৰী অনীহাঃ নখ-দন্তহীন বাঘত পৰিণত আৰক্ষী দায়বদ্ধতা আয়োগ!

 চৰকাৰী অনীহাঃ নখ-দন্তহীন বাঘত পৰিণত আৰক্ষী দায়বদ্ধতা আয়োগ!

চৰকাৰী অনীহাঃ নখ-দন্তহীন বাঘত পৰিণত আৰক্ষী দায়বদ্ধতা আয়োগ!

দু্ৰ্নীতিমু্ক্ত অসম গঢ়াৰ হুংকাৰ দি অহা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শাসনত অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ নখ-দন্তহীন বাঘত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ্য যে অসম আৰক্ষীক অধিক দায়বদ্ধ কৰাৰ উদ্দেশ্য ২০০৭ত তদানীন্তন তৰুণ গগৈ চৰকাৰে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ গঠন কৰে। ২০১৮ত এই আয়োগে অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুই শতাধিক ৰাজহুৱা অভিযোগ লাভ কৰে। এনে অৱস্থাতো ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ হেমাহিত এই আয়োগ নখ-দন্তহীন বাঘত পৰিণত হৈছে। কাজেই সাধাৰণ লোকে আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ তদন্তত ব্যাঘাত জন্মিছে। আৰক্ষী দায়বদ্ধতা আয়োগে আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন গুৰুতৰ অভিযোগৰ তদন্ত কৰে। তদুপৰি আয়োগে আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে নিজাববীয়াকৈও গোচৰ ৰুজু কৰিব পাৰে।

আয়োগে তদন্ত কৰিব পৰা গুৰুতৰ অভিযোগৰ মাজত আছে আৰক্ষীৰ দ্বাৰা ধৰ্ষণ, ধৰ্ষণৰ চেষ্টা চলোৱা, আইনী প্ৰক্ৰিয়া অনুসৰণ নকৰা, ভুক্তভোগীক ন্যায়ৰ পৰা বঞ্চিত কৰা আদি। অভিযোগ অনুসৰি আয়োগে বাৰ্ষিক প্ৰতিবেদনৰ জড়িয়তে আগবঢ়াই অহা বিভিন্ন পৰামৰ্শাৱলীক চৰকাৰে আওকাণ কৰি আহিছে। চৰকাৰৰ ঘৰত দ’ম বন্ধা ইয়াৰ ফাইলসমূহ ধূলিত পোত যাবলৈ ধৰিছে।চৰকাৰে আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাত মুঠেই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আয়োগে বিগত সময়ত ৰাজ্য চৰকাৰক আগবঢ়োৱা পৰামৰ্শৰ ভিতৰত আছে অভিযুক্ত আৰক্ষী বিষয়া-কৰ্মচাৰীয়ে শাস্তি লাভ কৰাটো আৰক্ষী সঞ্চালকপ্ৰধানৰ দ্বাৰা নিশ্চিত কৰা। প্ৰতিখন আৰক্ষী থানাতে এজনকৈ জনসংযোগ বিষয়া নিযুক্তি দিয়া, প্ৰতিখন আৰক্ষী থানাতে চিচি টিভি কেমেৰা স্থাপন কৰা আদি। আশ্বৰ্যজনকভাবে চৰকাৰে এই পৰামৰ্শাৱলীসমূহ কাৰ্যকৰীকৰণত অনীহা প্ৰদৰ্শন কৰি আহিছে। চৰকাৰী এনে অনীহাই আৰক্ষী দায়বদ্ধতা আয়োগক নখ-দন্তহীন বাঘত পৰিণত কৰিছে।

উল্লেখ্য যে আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০১৮ত অসম আৰক্ষীৰ বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে মুঠ ২৮৮টা ৰাজহুৱা অভিযোগ দায়বদ্ধতা আয়োগে লাভ কৰে। এই অভিযোগসমূহৰ সৰ্বাধিক তথা ১৪৩টা অভিযোগ হৈছে আৰক্ষীয়ে অভিযোগ পোৱাৰ পাছতো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰা তথা দায়িত্বৰ প্ৰতি অৱহেলা প্ৰদৰ্শনৰ।২০১৮ বৰ্ষত অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত আন ১৪৫টা অভিযোগৰ মাজতো বহু গুৰুতৰ অভিযোগ আছে।এই ১৪৫টা অভিযোগৰ ৫৯ টা অভিযোগ হৈছে হাৰাশাস্তি, অত্যাচাৰ চলোৱা, ভাবুকি দিয়া তথা দুৰ্ব্যৱহাৰ কৰা। আন ৩১টা অভিযোগ হৈছে গোচৰ পঞ্জীয়ন নকৰা।আনহাতে, ১১টা অভিযোগ হৈছে আইনী প্ৰক্ৰিয়া মানি নচলাকৈ ব্যক্তিক গ্ৰেপ্তাৰ বা আটক কৰা আৰু নটা অভিযোগ হৈছে ব্লেকমেইলিং আৰু ধনদাবীৰ। তদুপৰি বলপূৰ্বকভাবে আৰক্ষীয়ে সম্পত্তিৰ মালিকীস্বত্বৰ পৰা বঞ্চিত কৰাক লৈ দুটা অভিযোগ দায়বদ্ধতা আয়োগে লাভ কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com