গভীৰ সংকটত মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰ, ২১ বিধায়কসহ বিজেপিলৈ জ্যোতিৰাদিত্য

গভীৰ সংকটত মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰ, ২১ বিধায়কসহ বিজেপিলৈ জ্যোতিৰাদিত্য

গভীৰ সংকটত মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰ, ২১ বিধায়কসহ বিজেপিলৈ জ্যোতিৰাদিত্য সিন্ধিয়া!

মধ্য প্ৰদেশৰ কংগ্ৰেছ চৰকাৰক গভীৰ সংকটলৈ ঠেলি দি দলৰ জ্যেষ্ঠ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপি গমন নিশ্চিত কৰিছে৷ যোৱা সোমবাৰে নিশাৰ পৰা চলি থকা ৰাজনৈতিক নাটকখনৰ কালি চূড়ান্ত ৰূপ দি প্ৰভাৱশালী নেতাজনে দলত্যাগ কৰে। দলত্যাগ পত্ৰ টুইটাৰত আপলোড কৰাৰ লগে লগে তেওঁক দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে সিন্ধিয়াক দলৰ পৰা বহিষ্কাৰ কৰে।আনহাতে, সিন্ধিয়াৰ অনুগত ২১জনকৈ কংগ্ৰেছ বিধায়কেও দলত্যাগ কৰিছে। ফলত গভীৰ সংকটত নিমজ্জিত হৈছে কংগ্ৰেছ চৰকাৰখন। আনকি কংগ্ৰেছ চৰকাৰৰ পতনো প্ৰায় নিশ্চিত হৈছে ৷ অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে দাবী কৰিছে যে কমল নাথ চৰকাৰ শক্তি পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ব। বিগত কিছুদিন ধৰি মধ্য প্ৰদেশ কংগ্ৰেছ তথা কমল নাথ চৰকাৰত বিসম্বাদ সৃষ্টি কৰি থকা সিন্ধিয়াই মঙলবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দুবাৰকৈ সাক্ষাৎকাৰ কৰে ৷ দলীয় সূত্ৰৰ মতে, সিন্ধিয়াৰ সমৰ্থনত আছে মধ্য প্ৰদেশৰ একাধিক মন্ত্ৰীসহ কমেও ২১জন কংগ্ৰেছ বিধায়ক ৷ ইয়াৰে অধিকাংশক সোমবাৰে বিজেপিশাসিত কৰ্ণাটকলৈ স্থানান্তৰ কৰা হয় ৷

তেতিয়াৰে পৰা তেওঁলোকৰ ম’বাইল ফোনৰ ছুইচ বন্ধ থকাত কংগ্ৰেছ নেতৃত্বই তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাই৷ বিজেপি সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি দিনৰ ১২-৩০ বজাত সিন্ধিয়াই দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাদ্দা অথবা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব ৷ উল্লেখ্য যে মধ্য প্ৰদেশৰ দুখন আসনত অলপতে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই দুয়োখন আসন বিজেপিয়ে দখল কৰাৰ লক্ষ্য লৈছে ৷ ইয়াৰে এখনত সিন্ধিয়াক প্ৰাৰ্থিত্ব প্ৰদানৰ অংক কৰিছে বিজেপিয়ে। পাছত তেওঁক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়াৰ আঁচনি লৈছে দলে। এনে অংক কৰি গৃহ মন্ত্ৰী শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ধৰ্মেন্দ্ৰ প্ৰধান আৰু নৰেন্দ্ৰ সিং টোমৰে ৰাজ্যখনত এই 'ছাৰ্জিকেল ষ্ট্ৰাইক’ চলায় ৷

এইক্ষেত্ৰত মধ্য প্ৰদেশ বিজেপি অন্ধকাৰত থাকে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে ৷ আনহাতে, শ্বাহ-প্ৰধান-টোমৰৰ ৰাজনৈতিক সমীকৰণ সফল কৰি তোলে গান্ধী পৰিয়ালৰ একালৰ বিশ্বস্ত অনুগত সিন্ধিয়াই ৷ উল্লেখ্য যে ২০১৮ৰ অন্তিমত অনুষ্ঠিত মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰা অসন্তুষ্ট হৈ আছিল সিন্ধিয়া। ডেৰ বছৰ পূৰ্বে চৰকাৰ গঠনৰ সময়ৰে পৰা মুখ্যমন্ত্ৰী নাথৰ সৈতে সিন্ধিয়াৰ শীতল যুদ্ধ চলি আছিল ৷ ইপিনে, একালৰ বিচক্ষণ কংগ্ৰেছ নেতা প্ৰয়াত মাধৱ ৰাও সিন্ধিয়াৰ পুত্ৰ জ্যোতিৰাদিত্যৰ বিজেপি গমনে কেৱল কংগ্ৰেছতে নহয়, সমগ্ৰ বিৰোধী শিবিৰতে আলোড়ন তোলা বুলি চৰ্চা হৈছে ৷

উল্লেখ্য যে ২৩১আসন বিশিষ্ট মধ্য প্ৰদেশ বিধানসভাত চৰকাৰ গঠনৰ বাবে ১১৬জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন ৷ নাথ চৰকাৰলৈ দলীয়-নিৰ্দলীয়সহ ১২০জন বিধায়কে সমৰ্থন আগবঢ়াইছিল ৷ আনহাতে, ৰাজ্যখনত বিজেপিৰ ১০৯জন বিধায়ক আছে ৷ গতিকে এনে পৰিস্থিতিত অনুগতসহ সিন্ধিয়াৰ বিজেপি গমনে ৰাজ্যখনত বক্ৰপথেৰে হ’লেও পুনৰ বিজেপি ক্ষমতা পথ একপ্ৰকাৰ নিশ্চিত হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com