Begin typing your search above and press return to search.

ৰাণা কাপুৰক দুই কোটি টকাত হুছেইনৰ চিত্ৰ বিক্ৰী কৰিছিল প্ৰিয়ংকা গান্ধীয়ে

ৰাণা কাপুৰক দুই কোটি টকাত হুছেইনৰ চিত্ৰ বিক্ৰী কৰিছিল প্ৰিয়ংকা গান্ধীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2020 12:43 PM GMT

ৰাণা কাপুৰক দুই কোটি টকাত হুছেইনৰ চিত্ৰ বিক্ৰী কৰিছিল প্ৰিয়ংকা গান্ধীয়ে

য়েছ বেংকৰ মুৰব্বী ৰাণা কাপুৰৰ বিত্তীয় কেলেংকাৰিৰ সৈতে ক্ৰমাৎ সাঙোৰ খাইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ নাম ৷ অনুসন্ধানকাৰী সংস্থাৰ তদন্তত পোহৰলৈ অহা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকাই এবাৰ দুই কোটি টকাত কাপুৰক খ্যাতনামা চিত্ৰশিল্পী এম এফ হুইছেনৰ চিত্ৰ বিক্ৰী কৰিছিল। এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতে কংগ্ৰেছ তথা গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিয়ে। গান্ধী পৰিয়াললৈ বাক্যবাণ এৰি বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই টুইটাৰত কয়, “বুজা গৈছে যে ভাৰতত সংঘটিত প্ৰতিটো বিত্তীয় কেলেংকাৰিৰ সৈতে গান্ধী পৰিয়ালৰ গভীৰ সম্পৰ্ক আছে। নীৰৱ মোদীৰ পৰা গান্ধী পৰিয়ালে বিয়াৰ কইনাৰ আ-অলংকাৰ ক্ৰয় কৰিছিল। সেই নীৰৱে বেংক প্ৰৱঞ্চনা কৰি দেশৰ পৰা পলায়ন কৰিলে। ৰাণা কাপুৰে প্ৰিয়ংকা গান্ধীৰ পৰা দুই কোটি টকাত এম এফ হুছেইনৰ চিত্ৰ ক্ৰয় কৰাৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে”।আনহাতে, কেলেংকাৰি সংঘটিত কৰি য়েছ বেংকক সংকটলৈ ঠেলি দিয়াৰ অভিযোগত এনফ’ৰ্চমেণ্ট সঞ্চালকাল(ই ডি)য়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে বেংকটোৰ মুৰব্বী কাপুৰক। পাছত আদালতে তেওঁক ১১ মাৰ্চলৈকে ই ডিৰ জিম্মালৈ প্ৰেৰণ কৰে।

ইয়াৰ আগদিনা ই ডিয়ে তেওঁক বহু সময় ধৰি জেৰা কৰে। দেওবাৰেও কিছু সময় জেৰা কৰাৰ অন্তত কেলেংকাৰিত অভিযুক্ত কাপুৰক তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে।জেৰাৰ সময়ত তেওঁ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ পৰা কিছু বছৰ পূৰ্বে দুই কোটি টকাত হুছেইনৰ চিত্ৰ ক্ৰয় কৰাৰ কথা প্ৰকাশ কৰে বুলি এক সূত্ৰই জনায়। অৱশ্যে প্ৰিয়ংকাক য়েছ বেংকৰ মুৰব্বীজনৰ কেলেংকাৰিৰ সৈতে ষড়যন্ত্ৰমূলকভাবে সাঙোৰা হৈছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে। ইতিমধ্যে দলে বিজেপিয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে। উল্লেখ্য যে য়েছ বেংকত বিয়োগোম বিত্তীয় কেলেংকাৰি সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে বেংকটোৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিছে।

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি সাধাৰণ অৱস্থাত এজন গ্ৰাহকে সৰ্বাধিক ৫০ হেজাৰ টকাহে উলিয়াব পাৰিব। ইয়াক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে ই ডিয়ে বেংকৰ মুৰব্বী কাপুৰক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে কাপুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণক উচ্চ প্ৰশংসা কৰিছিল। আনকি বিমুদ্ৰাকৰণক তেওঁ বৃহত্ আৰ্থিক সংস্কাৰ বা ‘মাষ্টাৰ ষ্ট্ৰোক’ বুলি আখ্যা দিছিল। উল্লেখ্য যে ২০০৪ত য়েছ বেংক ৰা হৈছিল।

অন্য খবৰৰ বাবে পঢ়কঃ কিছুদিনৰ ভিতৰতে আৱিষ্কাৰ হ’ব ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক!

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Next Story
চাকৰি