Begin typing your search above and press return to search.

কিছুদিনৰ ভিতৰতে আৱিষ্কাৰ হ’ব ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক!

কিছুদিনৰ ভিতৰতে আৱিষ্কাৰ হ’ব ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক!

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2020 11:29 AM GMT

কিছুদিনৰ ভিতৰতে আৱিষ্কাৰ হ’ব ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক!

আৰু কিছুদিনৰ ভিতৰতে উদ্ভাৱন হ’ব ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক! প্ৰায় সমগ্ৰ বিশ্ববাসী এই মহাব্যাধিক লৈ আতংকিত হৈ থকাৰ সময়তে সঞ্জীৱনী সুধা সদৃশ এই বাৰ্তা প্ৰেৰণ কৰিছে ইজৰাইলৰ একাংশ স্বাস্থ্য বিজ্ঞানীয়ে। উল্লেখ্য যে বৰ্তমানলৈকে এই জটিল ৰোগত সমগ্ৰ বিশ্বত এক লক্ষ লোক আক্ৰান্ত হৈছে। তদুপৰি তিনি হেজাৰৰো অধিক লোকৰ প্ৰাণহানি ঘটিছে। ইয়াৰ অধিকাংশই ক’ৰ’না ভাইৰাছৰ উত্পত্তিস্থল চীনৰ। লক্ষ্যণীয়ভাবে এই ৰোগৰ কোনো প্ৰতিষেধক নাই। ইয়াক লৈও বিশ্বত আতংক বিৰাজ কৰি থকাৰ সময়তে ইজৰাইলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে অচিৰেই এই মহাব্যাধিৰ প্ৰতিষেধক বজাৰত উপলব্ধ হ’ব। উক্ত মন্ত্ৰ্যালয়ৰ ‘মিগাল’ শীৰ্ষক গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনত ব্যস্ত হৈ আছে। এই কথা সদৰী কৰি দেশখনৰ বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী অফিৰ আকুনিছে কয় যে মিগালৰ জড়িয়তে অচিৰেই ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন হ’ব বুলি তেওঁ আশাবাদী। এই ক্ষেত্ৰত সংশ্লিষ্ট বিজ্ঞানীসকলে প্ৰাৰম্ভিক সফলতা লাভ কৰা বুলি মন্ত্ৰীজনে সদৰী কৰে। ইপিনে, নিতৌ বিশ্বৰ আন বিভিন্ন দেশৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় চিকিত্সা পৰিষদে দেশৰ বিভিন্ন স্থানত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তক চিনাক্ত কৰিবলৈ ৫৭টা পৰীক্ষাগাৰ স্থাপন কৰিছে। তদুপৰি দুটা পৰীক্ষাগাৰ ক্ৰমে এটা দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) আৰু আনটো ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই এই ৰোগ নিৰ্ণয়ত সহায় কৰি আছে। নতুনকৈ স্থাপিত পৰীক্ষাগাৰসমূহে নমুনা সংগ্ৰহত সহায় কৰি আছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।যোৱা ছয় মাৰ্চলৈকে এই পৰীক্ষাগাৰসমূহত ৩,৪০৪ জন লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে। এনে অৱস্থাতে কেৰালাত এটি তিনি বছৰীয়া শিশু ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। চৰকাৰী তথ্য অনুসৰি শিশুটিৰ পিতৃ-মাতৃয়ে ইটালী ভ্ৰমণ কৰিছিল। শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে কেৰালাৰ এই তিনি বছৰীয়া শিশুটিক চিকিত্সালয়ৰ আছুতীয়া কক্ষত চিকিত্সা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

সম্প্ৰতি শিশুটি আৰ্ণাকুলাম মেডিকেল কলেজত চিকিত্সাধীন হৈ আছে। তদুপৰি শিশুটিৰ পিতৃ-মাতৃকো চিকিত্সকৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে অসমতো ক’ৰ’না ভাইৰাছৰ আতংক বিয়পি পৰিছে। অলপতে অসম ভ্ৰমণ কৰি ভূটানলৈ যোৱা এজন মাৰ্কিন পৰ্যটকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে অসমত একপ্ৰকাৰ ৰুদ্ধশ্বাস পৰিৱেশৰ সৃষ্টি হৈছে।

অন্য খবৰৰ বাবে পঢ়কঃ ক’ৰ’না ভাইৰাছত আক্ৰান্ত পৰ্যটকৰ সংস্পৰ্শলৈ অহা চাৰিশ লোক নিৰীক্ষণৰ ব্যৱস্থা: ডঃ শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Next Story
চাকৰি