Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছত আক্ৰান্ত পৰ্যটকৰ সংস্পৰ্শলৈ অহা চাৰিশ লোক নিৰীক্ষণৰ ব্যৱস্থা: ডঃ শৰ্মা

ক’ৰ’না ভাইৰাছত আক্ৰান্ত পৰ্যটকৰ সংস্পৰ্শলৈ অহা চাৰিশ লোক নিৰীক্ষণৰ ব্যৱস্থা: ডঃ শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2020 10:39 AM GMT

ক’ৰ’না ভাইৰাছত আক্ৰান্ত পৰ্যটকৰ সংস্পৰ্শলৈ অহা চাৰিশ লোক নিৰীক্ষণৰ ব্যৱস্থা: ডঃ শৰ্মা

অলপতে অসম হৈ ভূটানলৈ যাত্ৰা কৰা যিজন মাৰ্কিন পৰ্যটকৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছ ধৰা পৰে অসমত তেওঁৰ সংস্পৰ্শলৈ অহা চাৰি শতাধিক লোকক আছুতীয়াকৈ ৰাখি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। দেওবাৰে সন্ধিয়া টুইটাৰত এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এটা টুইটত মন্ত্ৰী ডঃ শৰ্মাই কয় যে মাৰ্কিন পৰ্যটকজনৰ সংস্পৰ্শলৈ অহা ৰাজ্যৰ বিভিন্ন স্থানৰ চাৰি শতাধিক লোকক স্বাস্থ্য বিভাগে বাছি উলিয়াইছে। সেই অনুসৰি তেওঁলোকক অকলশৰীয়াকৈ ৰাখি তেওঁলোকক নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীজনে সদৰী কৰে। উল্লেখ্য যে যোৱা ২২ ফেব্ৰুৱাৰীত এই পৰ্যটকজন বিমানেৰে যোৰহাটলৈ আহে। পাছত তেওঁ ঠেঙাল মেন’ৰ নামৰ ৰিজ’ৰ্টখনত দুটা নিশা কটায়। তাৰ পাছতে তেওঁ মাজুলীলৈ গৈ তাৰ পৰা এম ভি মহাবাহু নামৰ এখন বিলাসী নৌকাৰে গুৱাহাটীলৈ আহে। গুৱাহাটীত তেওঁ পঞ্চতাৰকাযুক্ত ৰেডিছন ব্লু হোটেলত থাকে।

https://twitter.com/himantabiswa/status/1236651499200983041

ইয়াৰ পৰিপ্ৰেক্ষিতত বিভাগে পৰ্যটকজনৰ সংস্পৰ্শলৈ অহা যোৰহাট, মাজুলী আৰু গুৱাহাটীৰ চাৰি শতাধিক লোকক অকলশৰীয়াকৈ ৰাখি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। এই লোকসকলৰ মাজত পৰ্যটকজনৰ সৈতে এম ভি মহাবাহুত যাত্ৰা কৰা লোকো আছে বুলি স্বাস্থ্যমন্ত্ৰী ডঃ শৰ্মাই সদৰী কৰিছে। ৰাজ্যত ক’ৰ’না ভাইৰাছত কোনো লোক আক্ৰান্ত হোৱা নাই বুলি প্ৰকাশ কৰি মন্ত্ৰীজনে লগতে কয় যে পাঁচজন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। কিন্তু এজনৰ দেহতো এই মাৰাত্মক ভাইৰাছ ধৰা নপৰিল। তদুপৰি অসম ভ্ৰমণলৈ অহা এজন মাৰ্কিন নাগৰিকৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁৰ দেহতো ক’ৰ’না ভাইৰাছ ধৰা নপৰিল বুলি ডঃ শৰ্মাই টুইটাৰত প্ৰকাশ কৰে।

ৰাজ্যবাসীক আতংকিত নহ’বলৈ মন্ত্ৰীজনে আহ্বান জনাইছে। উল্লেখ্য যে অসম ভ্ৰমণ কৰি ভূটানত উপস্থিত হোৱাৰ পাছত শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰা মাৰ্কিন নাগৰিকজন এই জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰী লটে ছেৰিঙেও প্ৰকাশ কৰিছে। এটা টুইটত ভূটানৰ প্ৰধানমন্ত্ৰী অলপতে কয় যে এই পৰ্যটকজন যোৱা পাঁচ মাৰ্চত ভূটানত উপস্থিত হয়। পৰ্যটকজনে যোৱা ১৮ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডি চিৰ পৰা ভাৰত অভিমুখে উৰা মাৰে। পাছত কলকাতাৰ পৰা অসমলৈ আহিছিল। যোৱা পাঁচ মাৰ্চত তেওঁ গুৱাহাটীৰ পৰা ভূটানলৈ যায়। তাত তেওঁ বিভিন্ন স্থান ভ্ৰমণ কৰে। তদুপৰি থিম্ফু, পাৰো আৰু পুনাখাৰ বহু স্কুলো দৰ্শন কৰে।ইয়াকে লৈ এই অঞ্চলসমূহত সম্প্ৰতি আতংকৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালভাবে অসমতো এই খবৰে আতংকৰ সৃষ্টি কৰিছে।

অন্য খবৰৰ বাবে পঢ়কঃ ’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণঃ ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ দাবী

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Next Story
চাকৰি