Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণঃ ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ দাবী

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণঃ ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2020 9:37 AM GMT

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণঃ ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ দাবী

ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব ৰোধৰ উদ্দেশ্য ভাৰত-ম্যানমাৰ সীমান্ত বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে মিজোৰাম প্ৰদেশ কংগ্ৰেছে। উল্লেখ্য যে প্ৰায় সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা বৰ্তমানলৈ ভাৰতত ৪২জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। পৰিস্থিতিৰ এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰাম প্ৰদেশ কংগ্ৰেছে ৰাজ্য চৰকাৰক ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ পদক্ষেপ ল’বলৈ দাবী জনাইছে। কাৰণ ম্যানমাৰৰ গাতে লাগি আছে মিজোৰাম। মিজোৰাম আৰু ম্যানমাৰৰ মাজৰ সীমান্তৰ দূৰত্ব ৫১০ কিলোমিটাৰ।এই কথা উনুকীয়াই প্ৰদেশে কয় যে প্ৰায়ে ম্যানমাৰৰ নাগৰিকে মিজোৰামত প্ৰৱেশ কৰে। এনেদৰে ৰাজ্যখনত চীনা লোকেও প্ৰৱেশ কৰে বুলি উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছে। এইসকলৰ ক্ষেত্ৰত কোনোধৰণৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থাও নাই।ফলত যিকোনো মূহূৰ্ততে ৰাজ্যখনত ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব ঘটাৰ আশংকা আছে।

কাৰণ চীনৰ য়ুহানত ক’ৰ’না ভাইৰাছৰ প্ৰথমে প্ৰাদুৰ্ভাব ঘটে তথা দেশখনত সহস্ৰাধিক লোকে এই ৰোগত মৃত্যুবৰণ কৰিছে, গতিকে তাত্ক্ষণিকভাবে ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰিবলৈ মিজোৰাম প্ৰদেশ কংগ্ৰেছে দাবী জনাইছে।একেদৰে এটা বেচৰকাৰী সংগঠন (এন জি অ’)-এ ভাৰত-ম্যানমাৰ সীমান্তত ফেন্সিং স্থাপনৰ দাবী জনাইছে। মিজোৰাম চাকমা এলায়েন্স এগেইনষ্ট ডিছক্ৰিমিনেচন নামৰ এই সংগঠনে অভিযোগ কৰে যে বিগত কিছু দিনত ভাৰত—ম্যানমাৰ সীমান্তৰ মিজোৰামত চোৰাংকৈ অনা এশ কোটি টকাৰ বিভিন্ন সা-সামগ্ৰী চৰকাৰী সংস্থাই জব্দ কৰে। এনেদৰে পৰিস্থিতি জটিল হৈ উঠিছে বুলি সংগঠনটোৰ সভাপতি পৰিতোষ চাকমাই মন্তব্য কৰি কয় যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ উপৰি চোৰাং কাৰবাৰ ৰোধৰ বাবেও চৰকাৰে ক্ষিপ্ৰতৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আনহাতে, মিজোৰামৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমানলৈ ১৪,৬৪০ জন লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই উদ্দেশ্য সমগ্ৰ ৰাজ্যখনত কমেও সাতটা পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

তদুপৰি বিমানকোঠতো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ চিকিত্সা গোট গঠন কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি যোৱা কিছুদিনত ৰাজ্যখনত ৪১জন বাহিৰৰ লোকে প্ৰৱেশ কৰে। এই সকলৰো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, মিজোৰামৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমানলৈ ১৪,৬৪০ জন লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই উদ্দেশ্য সমগ্ৰ ৰাজ্যখনত কমেও সাতটা পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে।তদুপৰি বিমানকোঠতো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ চিকিত্সা গোট গঠন কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি যোৱা কিছুদিনত ৰাজ্যখনত ৪১জন বাহিৰৰ লোকে প্ৰৱেশ কৰে। এই সকল লোকৰো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়কঃ কথা ৰাখিলে মোদীয়ে! ছ’ছিয়েল মিডিয়াৰ সকলো একাউণ্টৰ নিয়ন্ত্ৰণৰ দায়িত্ব হস্তান্তৰ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Next Story
চাকৰি