এন আৰ চিত নাম নথকাৰ বাবেই দৰঙত কিশোৰীৰ আত্মহত্যা

এন আৰ চিত নাম নথকাৰ বাবেই দৰঙত কিশোৰীৰ আত্মহত্যা
Published on

এন আৰ চিৰ অতিৰিক্ত খচৰা প্ৰকাশৰ পাছতে ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তত প্ৰভাৱ পৰিছে । বুধবাৰে এন আৰ চিৰ অতিৰিক্ত খচৰা প্ৰকাশৰ পাছতে এক চাঞ্চ্যলৰ ঘটনা সংঘটিত হৈছে । এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰিছে দৰঙত । নতুনকৈ প্ৰকাশ কৰা মতে অতিৰিক্ত খচৰা খনত নাম নথকাৰ বাবেই চুৰান্ত পথ বাচি ল'লে কিশোৰী গৰাকীয়ে। এই ঘটনাই ৰাজ্যজুৰি চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

দৰঙৰ ১৪ বছৰীয়া নুৰ নাহৰ বেগম নামৰ এগৰাকী কিশোৰীয়ে চিপ লৈ আত্মহত্যা কৰে । পৰিয়ালৰ লোকৰ লগতে ছাত্ৰ সংগঠনৰ সদস্য সকলে বুধবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাত কিশোৰী গৰাকীৰ নাম সন্নিবিষ্ট নাই । উল্লেখযোগ্য যে , যুৱতী গৰাকীৰ নাম পূৰ্বৰ প্ৰকাশিত তালিকাতো নাছিল ।

কিশোৰী গৰাকীৰ এগৰাকী পৰিয়ালৰ সদস্যয়ে প্ৰকাশ কৰে যে, যোৱা বছৰ প্ৰকাশ কৰা এন আৰ চিৰ তালিকাত কিশোৰী গৰাকীৰ নাম সন্নিবিষ্ট হোৱা নাছিল । কিন্তু এন আৰ চি চুৰান্ত খচৰাত কিশোৰী গৰাকীৰ নাম সন্নিবিষ্ট হব বুলি নিশ্চিত আছিল । বুধবাৰে অসম চৰকাৰে প্ৰকাশ কৰা অতিৰিক্ত এন আৰ চি তালিকাত নুৰ আৰু তাইৰ পৰিয়ালৰ নাম প্ৰকাশ নাপায় । নুৰৰ পিতৃয়ে ৰৈমাৰী সেৱা কেন্দ্ৰলৈ গৈ এন আৰ চিত নুৰৰ নাম সন্নিবিষ্ট নথকাৰ কথা ফোন যোগে প্ৰকাশ কৰাৰ পাছতে নুৰে চুৰান্ত পথ বাচি ল'য়।

কিশোৰী গৰাকীৰ লগতে , তাই পৰিয়ালে এই বিষয়ে জ্ঞাত নাছিল যে বুধবাৰে প্ৰকাশ কৰা তালিকা খন অতিৰিক্ত তালিকাহে , চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ জুলাইত ।

এই ঘটনা সংঘটিত হোৱাৰ পাছত সদৌ অসম সংখ্যা লঘু ছাত্ৰ সন্থাৰ নেতা আব্দুল হাই কিশোৰী গৰাকীৰ ঘৰত উপস্থিত হয় আৰু প্ৰকাশ কৰে," এন আৰ চি পক্ৰিয়াত যথেষ্ট বিশৃংখলতা আছে আৰু চৰকাৰে লোক সকলৰ মাজত এই বিষয়ে সঠিক ভাৱে বুজাবলৈ ব্যৰ্থ হৈছে ।যাৰ ফলত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে ।"

দৰঙ আৰক্ষীৰ চুপাৰটেন্দেত অমৃত ভূঞায়ে প্ৰকাশ কৰে যে , কিশোৰী গৰাকীৰ আত্মহত্যা ৰ লগত এন আৰ চিৰ কোনো সম্পৰ্ক নাই । ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে বুলি প্ৰকাশ কৰে।

বুধবাৰে প্ৰকাশ কৰা এন আৰ চিৰ তালিকাত আছে ১ লাখ ২ হাজাৰ ৪৬২ গৰাকীৰ নাম।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com