Begin typing your search above and press return to search.

গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ লগত জৰিত থকাত সন্দেহত দুজন আটক :৪০ কেজিৰ বিস্ফোৰক উদ্ধাৰ

গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ লগত জৰিত থকাত সন্দেহত দুজন আটক :৪০ কেজিৰ বিস্ফোৰক উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 May 2019 11:54 AM GMT

গুৱাহাটীৰ জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত বুধবাৰে গ্ৰেনেড বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাই। এই বোমা বিস্ফোৰণৰ লগত জৰিত থকাৰ সন্দেহত আৰক্ষীয়ে দুজন লোকক আটক কৰাৰ লগতে প্ৰায় ৪০ কেজি ওজনৰ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পাঞ্জাবাৰীৰ পৰা।

গুৱাহাটীৰ পাঞ্জাবাৰীৰ নামঘৰ পথত আৰক্ষীয়ে অভিযান চলাই প্ৰানময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক আটক কৰে।

এই ঘৰটো ভাৰালৈ লোৱা হৈছিল বুলি প্ৰকাশ কৰে। ঘৰটো চৈয়ফুদ্দিন আহমেদৰ বুলি প্ৰকাশ কৰে ।

অভিযানত প্ৰায় ৪০ কেজি বিস্ফোৰক উদ্ধাৰ কৰাৰ লগতে এটা 9 mm পিষ্টল, ২৫ জাই সজিব গুলী , এটা আলফা নোটপেড আৰু এখন বাইক জব্দ কৰিছে। বাইক খনৰ নম্বৰ হৈছে As 01 DQ 4420 ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডি জি পি কুলধৰ শইকীয়াক বিস্ফোৰণ ঘটনাৰ অনুসন্ধান কৰি শীঘ্ৰে দোষীক আটক কৰিবলৈ নিৰ্দেশ দিছিল ।

বুধবাৰে প্ৰায় ৮ মান বজাত জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হৈছিল । বাইকত অহা দুটা দুৰ্বিত্তয়ে গ্ৰেনেডটো দলিয়াই দি যায় । এই বিস্ফোৰণত ১২ জনকৈ লোক আহত হয় । ইয়াৰে ২ নিৰাপত্তা ৰক্ষী আছিল ।আহত দুজন এচ এচ বি জোৱানৰ নাম হৈছে এ এচ আই ৰমেশ লাল আৰু কনিষ্টবল অমুল্য লালান । দুয়োজনে জি এম চি এইচত চিকিৎসাধীন হৈ আছে।

গোলাঘাটৰ ফাৰদিন হুছেইন ৰহমান (২১) , গুৱাহাটীৰ গীত নগৰৰ অমিত কুমাৰ কান্থাল, অমিত কুমাৰৰ জীয়াৰী ৰিয়া কান্থাল (১৫) , চুলতান জাহিদুৰ ৰহমান (৫২), বিজয় কুমাৰ চাও (২২), কল্যাণ বৈশ্য (২৮), হিৰক জ্যোতি বৰুৱা(২৬), লালা কুমাৰ য়াদব (১৬), এডৱাদ হামাৰ (১৮) এই বিস্ফোৰণত আহত হৈছে । আৰক্ষীয়ে বিস্ফোৰণত ১১ জন লোক আহত হৈছে বুলি প্ৰকাশ কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Next Story