Begin typing your search above and press return to search.

মাকুমৰ ৰেলগেটৰ সমিপত অসম আৰক্ষীৰ কামাণ্ডোক নিৰ্মম ভাৱে হত্যা দুৰ্বিত্তৰ

মাকুমৰ ৰেলগেটৰ সমিপত অসম আৰক্ষীৰ কামাণ্ডোক নিৰ্মম ভাৱে হত্যা দুৰ্বিত্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 10:53 AM GMT

অসম আৰক্ষীৰ কামাণ্ডো গিৰিশ দত্তক দেওবাৰে মাজনিশা অচিনাক্ত দুৰ্বিত্তয়ে নিৰ্মম ভাৱে হত্যা কৰে। বেটেলিয়ান কেম্পৰ ৰেলগেটৰ সমিপত নিশা দুৰ্বিত্তয়ে হত্যা কৰে গিৰিশ দত্তক ।

সূত্ৰয়ে জনোৱা মতে গিৰিশ দত্ত অসম আৰক্ষীৰ প্ৰশিক্ষক আছিল । অসমৰ বিভিন্ন জিলাৰ কামাণ্ডোক প্ৰশিক্ষণ দিছিল । মাকুম বেটেলিয়ানৰ স্থানীয় লোকে এই ঘটনাৰ প্ৰতিবাদ জনাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে। পুৱাৰে পৰা পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় লোকে । তিনিচুকীয়া আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে ডিগবৈৰ তিংৰাইত মৰান জাতীয় মহিলা পৰিষদ আৰু অসম মৰান সভাৰ কেন্দ্ৰীয় অধিবেশনত অংশগ্ৰহন কৰি মাকুম বেটেলিয়ানৰ অশোক নগৰৰ ঘৰলৈ ওভতি অহা পথতে অচিনাক্ত দুৰ্বিত্তৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে।

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story