Begin typing your search above and press return to search.

অসম লোকসেৱা আয়োগৰ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ

অসম লোকসেৱা আয়োগৰ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2019 4:50 AM GMT

অসম লোকসেৱা আয়োগৰ সম্পৰ্কত চলি থকা অসম আৰক্ষীৰ তদন্ত মংগলবাৰে বিশেষ আদালতত ১১ সংখ্যক চাৰ্জ চীট দাখিল কৰে। চাৰ্জ চীট দাখিল কৰি তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰে কয় যে সকলো যাৱতীয় তথ্য আৰু প্ৰমাণ আদালতত দাখিল কৰে ৷

ডিব্ৰুগড় আৰক্ষীয়ে অসম লোক সেৱা আয়োগৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা বিসয়াসকলৰ ক্ষেত্ৰত সকলো তদন্ত সম্পূৰ্ণ কৰিলে ৷লগতে সুৰজিৎ সিং পানেশ্বৰে কয় যে চৰকাৰে এটা বিশেষ পৰ্যবেক্ষণ কাৰী দল গঠন কৰিছিল ।এই দলটোৱে সকলো বিষয়ৰ বিষয়ে তদন্ত কৰিছে ।

ডিব্ৰুগড় আৰক্ষী থানাত অসম লোকসেৱা আয়োগৰ সন্দৰ্ভত তদন্ত কৰিবৰ কাৰণে প্ৰায় দুই বছৰ আৰু নমাহ লাগিলে। ইফালে চাৰিজন অভিযুক্ত এতিয়াও পলাতক ৷তাৰ ভিতৰত অসম লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল,সুদীপ দাস,মছিদূল ইছলাম আৰু ডা° মৃগেন শইকীয়া ৷

ইফালে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ সন্দৰ্ভত মানস প্ৰতিম বৰুৱাই কয় যে আসাম প্লাবিক চাৰ্ভিছে ১৯৮৯ চনৰ নীতি সংশোধন কৰিব ৷ আৰু এই নীতিয়ে অসম লোকসেৱা আয়োগৰ ২০১৯ চনৰ নীতিৰ লগত পৰিৱৰ্তন কৰিব।উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যথেষ্ট দুৰ্নীতি সংঘটিত হৈ আহিছে।

এপিএচচি কেলেংকাৰী গোচৰটো প্ৰায় ডেৰ বছৰ ধৰি চলি আছে ।ৰাকেশ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা সময়ে আয়োগৰ ভিতৰচৰা এখন চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰিছিল । এপিএচচি কেলেংকাৰীৰ গোচৰত বহুতো এচিএচ আৰু এপিএচ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ।

২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গ্ৰেজেটেড বিষয়াকো গ্ৰেপ্তাৰ কৰিছিল ।২০১৬ চনত ডিব্ৰুগড় আৰক্ষীয়ে উৎকুচ লোৱাৰ এক গোচৰ ৰুজু কৰিছিল । ১০ লাখ টকা উৎকুচত এপিএচচিত চাকৰি দিয়াত ইঞ্জিনিয়াৰ নবকান্ত পাটিৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । তাৰ পিছত আৰক্ষীয়ে নবকান্ত পাটিৰক হাতে লোটে আটক কৰে । নবকান্ত পাটিৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত ৰাকেশ পালক ২০১৬ চনৰ ৪ নবেম্বৰত আটক কৰে ।

অধিক খবৰৰ বাবে পঢ়ক:অসম লোকসেৱা আয়োগত পুনৰ চাকৰি লাভৰ পৰা বঞ্চিত হ’ল বিষয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:House Arrested Charaideo youths in Tamil Nadu seek help from Assam Govt via Social Media

Next Story
চাকৰি