অসম আৰক্ষীৰ সুৰক্ষাৰ স্থিতি চিন্তনীয়

অসম আৰক্ষীৰ সুৰক্ষাৰ স্থিতি চিন্তনীয়

অসম আৰক্ষীৰ সুৰক্ষাৰ স্থিতি চিন্তনীয় । ৰাজ্যত সাধাৰণ মানুহৰ সুৰক্ষা সন্দৰ্ভত প্ৰায়ে বিভিন্ন প্ৰশ্ন উত্থাপন হয়৷ আৰক্ষী অধীক্ষকসকলৰ সভাপতিত্বত জিলা স্তৰত এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত ভিআইপি আৰু অন্য লোকসকলক প্ৰদান কৰা সুৰক্ষা সম্পৰ্কীয় বিষয়টো যথেষ্ট চিন্তনীয়। কাৰণ প্ৰায় প্ৰত্যেক আৰক্ষী চকীত আৰক্ষীৰ সংখ্যা অত্যন্ত সীমিত ।

আনহাতে কিছুমান ৰাজনৈতিক নেতা বা তেনেধৰণৰ উচ্চ পদস্থ বিষয়াক সুৰক্ষা বিভিন্ন স্তৰত দিয়া হয়। যেতিয়া কোনো উচ্চ পদস্থ ব্যক্তিৰ সুৰক্ষাৰ কোনো ধৰণৰ আৱশ্যক নাথাকে ৷ তেতিয়া মুখ্যমন্ত্ৰীৰ পৰা আকৌ সুৰক্ষাৰ বিষয়টো বাহাল ৰাখে ৷ইতিমধ্যে এগৰাকী উচ্চ পদস্থ বিষয়াই কোনো কাৰণ নোহোৱাকৈ সুৰক্ষা বিষয়টোক পৰিৱৰ্তন কৰাৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

আনহাতে এই সমগ্ৰ বিষয়টোত পৰিস্থিতি অত্যন্ত জটিল কাৰণ কিছুমান প্ৰাক্তন প্ৰশাসনিক বিষয়া দহ বছৰৰ পূৰ্বেই কৰ্মৰ পৰা বিৰতি ল’লে ৷কিন্তু তেওঁলোকক পিএচঅ’ৰ ব্যৱস্থাহে কৰা হৈছিল ৷ঠিক তেনেধৰণৰে কিছুমান প্ৰাক্তন বিধায়ক অথবা ৰাজনৈতিক নেতা নিজৰ অঞ্চলত কোনো ধৰণে অসুৰক্ষিত নহয় ৷কিন্তু তেনে ব্যক্তিসকলে সুৰক্ষা ব্যৱস্থাটোক এৰি দিব নোখোজে। আৰু তেওঁলোকে জানে যে কেনেকৈ সুৰক্ষা ব্যৱস্থাটোক আগলৈ বৰ্তাই ৰাখিব লাগে। গতিকে অসম আৰক্ষী সুৰক্ষা ব্যৱস্থাটো সম্প্ৰতি এক বিশেষ চিন্তনীয় বিষয় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam NRC: Pradesh Congress Committee team led by Ripun Bora reached Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com