শিশুসকলৰ কাৰণে বিশেষ পদক্ষেপ আৰক্ষী বিভাগৰ

শিশুসকলৰ কাৰণে বিশেষ পদক্ষেপ আৰক্ষী বিভাগৰ

শিশুসকলৰ কাৰণে বিশেষ পদক্ষেপ আৰক্ষী বিভাগৰ ৷ অসম আৰক্ষীৰ থানাসমূহ সকলো ক্ষেত্ৰত বন্ধুত্ব পূৰ্ণ হৈ উঠিছে ৷দিছপুৰে সকলো আৰক্ষী থানাক কিশোৰ সকলৰ কাৰণে অনুকুল ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় কিশোৰ অধিকাৰ সংৰক্ষণ আয়োগ অৰ্থাৎ এনচিপিচিআৰৰ নীতিৰ আধাৰত যাৱতীয় কাম কৰিবৰ কাৰণে আগবাঢ়িছে ৷ৰাজ্য চৰকাৰ কিশোৰ সকলৰ কাৰণে বন্ধুত্বপূৰ্ণ পৰিবেশ তথা কিশোৰ অভিযুক্তসকলৰ লগত মত বিনিময় কৰিবৰ কাৰণে সাধাৰণ পোচাকত বিষয়াসকলক নিযুক্ত কৰিব ৷

কাৰণ আৰক্ষী বিষয়াসকলৰ কিশোৰ অভিযুক্ত সকলৰ লগত মত বিনিময় কৰিলে তেওঁলোকৰ মনৰ পৰা আৰক্ষীৰ ভয় আঁতৰিব ৷যেতিয়া এজন কিশোৰে যি কোনো অপৰাধ কৰে ৷তেতিয়া আৰক্ষীৰ লগত মত বিনিময় কৰিবলৈ বা তেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ ভয় কৰে। এনচিপিচিআৰৰ অনুসৰি এগৰাকী আৰক্ষী আৰু কিশোৰসকলক সুৰক্ষা দিয়া প্ৰণালীৰ মাজত সু সম্পৰ্ক থাকিব লাগে ৷

সেয়েহে আৰক্ষীয়ে কিশোৰ সকলৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিৰে আগবাঢ়িব লাগে। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃহস্পতিবাৰে বিয়লি অসম পুলিছ শিশু মিত্ৰ সমাৰোহৰ শুভাৰম্ভ কৰে। এই সমাৰোহত সহযোগ কৰিছে UNICEF আৰু UTSAF য়ে ।এই অনুষ্ঠানত বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ইফালে এই অনুষ্ঠানত মত বিনিময় কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে শিশুসকলৰ ক্ষেত্ৰত

সকলো বিষয়াৰ সমান দৃষ্টি কোণ হ’ব লাগে।

লগতে তেওঁলোকক ডাঙৰ হ’বলৈ ইতিবাচক পৰিবেশ দিব লাগে ৷বিগত তিনিটা বছৰত লাভ কৰা সফলতাৰ বিষয়ে সোনোৱালে অসম আৰক্ষীক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে অসম আৰক্ষীৰ শিশুৰ লগত বন্ধুত্ব কাৰ্যসূচী অসম আৰক্ষীৰ অন্যতম সফলতা ৷যদি সুস্থ পৰিবেশ,সুপৰিকল্পিত ভাৱে শিশুসকলক আগবঢ়াই নিয়া হয় তেন্তে তেওঁলোক দেশৰ আদৰ্শ নাগৰিক হ’ব। লগতে সৰ্বানন্দ সোনোৱালে আৰক্ষীসকলক কয় যে তেওঁলোকে যেন শিশুসকলৰ লগত মানবীয়তাৰে মত বিনিময় কৰে।

শিশুসকলৰ প্ৰতি তেওঁলোক দৃষ্টিভংগী ইতিবাচক হ’বলৈ আহ্বান কৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ভৰলুমুখ আৰক্ষী থানা ২০১৮ চনত শিশুসকলৰ কাৰণে এক বিশেষ ৰূপত ৰাজ্যৰ প্ৰথমখন শিশুৰ উপযোগী থানা হিছাপে পৰিগণিত হৈছে ৷বিভিন্ন খেলাৰ সামগ্ৰীৰ লগতে থানাৰ খনৰ দেৱালত বিচিত্ৰ ধৰণৰ ছবি খোদিত কৰা হৈছে। এই সকলো যাৱতীয় কাৰ্য কৰা হৈছে শিশুসকলৰ সুৰক্ষা আৰু সংৰক্ষণ আইন ২০১৫ ৰ আধাৰত ৷

গতিকে ভৰলুমুখ থানাৰ দৰে ৰাজ্যত থানাসমূহ সজোৱা হ’ব। গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,কুলধৰ শইকীয়া,অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক হৰমীত সিং আৰু UNICEFৰ প্ৰতিনিধিসকল এই সন্দৰ্ভত মত বিনিময় কৰে ।UNICEF ৰ বিষয়া য়াচমিন আলী হকেও এই সন্দৰ্ভত মন্তব্য কৰে ৷ লগতে ড° তুষাৰ ৰেনেই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷উল্লেখ্য যে প্ৰায় সংখ্যক আৰক্ষী ষ্টেশ্যন লোকসকলৰ কাৰণে উপযুক্ত নহয় ।ইয়াত উপযুক্ত সুবিধাও নাথাকে ৷ গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই এই পদক্ষেপত লোকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Truck laden with illegal timbers seized by BJP Yuva Morcha in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com