প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ চান্দমাৰী আৰক্ষী থানাত

প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ চান্দমাৰী আৰক্ষী থানাত

ৰাজ্যত আৰক্ষীসকলৰ আধুনিকীকৰণ আৰু আৰক্ষী থানাৰ পুনৰ মেৰামতি তথা বিভিন্ন অসামাজিক কাৰ্যকলাপ সীমিত কৰিবলৈ সম্প্ৰতি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷ কিন্তু চান্দমাৰী আৰক্ষী থানাত সম্প্ৰতি প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ দেখা গৈছে ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি বৰ্তমান আৰক্ষী থানা খনত ১২ টা স্বীকৃত পদৰ ভিতৰত এজন নিৰীক্ষক আৰু পাঁচজন উপ নিৰীক্ষক আছে ৷

ইয়াৰ উপৰিও ছটা স্বীকৃতি প্ৰাপ্ত পদৰ ভিতৰত তিনিজন সহায়ক উপ নিৰীক্ষক আছে ৷আনহাতে ১০ টা স্বীকৃত পদৰ ভিতৰত কোনো হেড কনিষ্টবল নাথাকে। চান্দমাৰী আৰক্ষী থানাত ৭০ টা স্বীকৃত পদৰ বিপৰীতে কেৱল ১৭ জন কনিষ্টবল আছে ৷ দুগৰাকী মহিলা কনিষ্টবল,ছজন হোম গাৰ্ড আৰু দুগৰাকী মহিলা হোম গাৰ্ড আছে ৷

এক বিশেষ তথ্যৰ মত অনুসৰি ২০১৮ চনত এই আৰক্ষী থানাত ১২০৪ টা গোচৰ দাখিল হৈছিল,২০১৭ চনত ১১২১,২০১৬ চনত ৯৬৭ আৰু ২০১৫ চনত ৮৪৯ টা গোচৰ দাখিল হয় ৷ ইয়াত আৰক্ষী থানাত বেছিভাগ গোচৰ ঠগ প্ৰৱঞ্চক সন্দৰ্ভত দাখিল হৈছে ৷ইয়াৰ উপৰিও সম্পত্তি,চোৰ,পৰিয়াল কেন্দ্ৰিক বিবাদ আৰু দুৰ্ঘটনা সন্দৰ্ভত গোচৰ দাখিল হৈছে ৷

উন্নত আৰক্ষী থানাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ বশিষ্ঠ আৰক্ষী থানাৰ আধুনিকীকৰণে জনসাধাৰণৰ সেৱা প্ৰদান কৰাত সুবিধা হ’ব ৷ এই আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ মিশ্যন ফৰ অ’ভাৰ অল ইমপ্ৰুভমেন্ট ফৰ ৰেছপ’নচিভ ইমেজ আঁচনিৰ অধীনত আৰক্ষী থানাখনৰ পুনৰ নিৰ্মাণ কৰা হয় ৷ এই আৰক্ষী থানাখন স্থাপন হৈছিল ১৯৮৪ চনত ৷

ৰাজ্যবাসীৰ বিশ্বাস অৰ্জন কৰাত আৰক্ষী বিভাগ সফল হৈছে আৰু জনসাধাৰণৰ বিশ্বাসক সফল কৰিবলৈ আৰক্ষীয়ে নিজৰ প্ৰয়াস অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্ৰী সোনোৱালে ৷এমঅ’আইটিআৰআই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আৰক্ষী থানাসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লয় ৷ বৈশিষ্ঠ আৰক্ষী থানাৰ পুনৰ নিৰ্মাণৰ কাৰণে প্ৰায় ২.৬২ কোটি টকা ব্যয় কৰিছে ৷

ইফালে এই আঁচনিৰ অধীনত ৰাজ্যত ৩৪৬ খন আৰক্ষী থানাৰ পুনৰ নিৰ্মাণৰ এক কাৰ্যসূচী হাতত লয় ৷পাঁচ বৰ্ষৰ ভিতৰত প্ৰত্যেক আৰক্ষী থানাক পুনৰ নিৰ্মাণ আৰু নবীকৰণৰ কাৰণে ২ কোটি টকা দিয়ে ৷ প্ৰথম পৰ্যায়ত ৭৩ টা আৰক্ষী থানাক পুনৰ নিৰ্মাণ কাৰণে লোৱা হৈছে ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও উচ্চ গুণ সম্পন্ন আৰক্ষীথানা নিৰ্মাণ কৰিবলৈ লোৱা পদক্ষেপৰ সন্দৰ্ভত আলোচনা কৰে। লগতে আৰক্ষীসকলক জনসাধাৰণৰ লগত সৌহাৰ্দ্য পূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ কৰিবলৈ আহ্বান কৰে সোনোৱালে।

ভিডিঅ প্ৰতক্ষ্য কৰক :

https://www.youtube.com/watch?v=eAewEtxQvKE

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com