ক’ৱিড-১৯ঃ জৰুৰী সেৱা কৰ্মীক পাৰপত্ৰ প্ৰদান কৰিব অসম আৰক্ষীয়ে

ক’ৱিড-১৯ঃ জৰুৰী সেৱা কৰ্মীক পাৰপত্ৰ প্ৰদান কৰিব অসম আৰক্ষীয়ে

ক’ৱিড-১৯ঃ জৰুৰী সেৱা কৰ্মীক পাৰপত্ৰ প্ৰদান কৰিব অসম আৰক্ষীয়ে

ক’ৰ’না ভাইৰাছ সৃষ্ট মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা দেশজোৰা ২১-দিনীয়া তলাবন্ধৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে জৰুৰী সেৱাসমূহত নিয়োজিত কৰ্মীসকলক এক বিশেষ পাৰপত্ৰ প্ৰদানৰ আঁচনি লৈছে। এনে পাৰপত্ৰ ৰাজ্যৰ সকলো অঞ্চলত নিয়োজিত জৰুৰী সেৱাৰ কৰ্মীসকলক অসম আৰক্ষীয়ে প্ৰদান কৰিব। সংশ্লিষ্ট অঞ্চলৰ আৰক্ষী থানাৰ জৰিয়তে পাৰপত্ৰ বিতৰণ কৰা হ’ব বুলি অসম আৰক্ষীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে। আনহাতে, এই পাৰপত্ৰ হাতত নপৰালৈকে নিয়োজিত সংস্থাৰ পৰিচয়পত্ৰ লগত ৰাখিবলৈ সকলো জৰুৰী সেৱাৰ কৰ্মীসকললৈ অনুৰোধ জনাইছে আৰক্ষীয়ে। উল্লেখ্য যে যোৱা মঙলবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১-দিনীয়া তলাবন্ধ ঘোষণা কৰাৰ সময়ত কেতবোৰ সেৱাৰ কৰ্মীক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখে। এনে সেৱাসমূহ হৈছে চিকিত্সা, আৰক্ষী, সংবাদ মাধ্যম, অত্যাৱশ্যকীয় সেৱা আদি। ইপিনে, ৰাইজক অযথা আতংকিত নহ’বলৈ আহ্বান জনাই বুধবাৰে গুৱাহাটীত এখন সংবাদমেলত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে ৰাজ্যত পৰ্যাপ্ত পৰিমাণত খাদ্য-বস্তু মজুত আছে। আনহাতে, লক-ডাউনৰ নীতি-নিয়ম ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলি চৰকাৰে সকীয়াই দিছে। সংবাদমেলত মুখ্য সচিব সঞ্জয় কৃষ্ণই লগতে কয় যে যি সকল লোক বিগত কিছুদিনত ৰাজ্যৰ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ হাতত মোহৰ লগোৱা হৈছে। আনকি তেওঁলোকক ঘৰত আছুতীয়াকৈ থাকিবলৈ দিয়া হৈছে। ৰাজ্যৰ সকলো জিলা উপায়ুক্তক এয়া চোৱা-চিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গাওঁ সুৰক্ষা বাহিনী(ভি ডি পি), গাওঁবুঢ়াৰ লগতে আশাকৰ্মীসকলে তেওঁলোকক চোৱা চিতা কৰি আছে। যদি তেওঁলোকে ঘৰৰ বাহিৰলৈ ওলাই তেন্তে তেওঁলোকৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ'ব ।

চৰকাৰে স্পষ্ট কৰি দিছে যে জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো লোকে যদি আইন উলংঘা কৰে তেন্তে তেওঁলোকে নিজৰ হৈ সংকট মাতি অনা হ'ব ।

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে মুখ্য সচিবগৰাকীয়ে সংবাদমেলত কয়,"আমাৰ ওচৰত তিনি মাহৰ বাবে ৩,০৯,০০০ মেট্ৰিক টন চাউল মজুত আছে। ইয়াৰ উপৰি ১০,০০০ মেট্ৰিক টন এন এ এফ ই ডিৰ পৰা সৰবৰাহ কৰাৰ যো-জা চলোৱা হৈছে । লগতে আমাৰ ওচৰত ৫,০০০ মেট্ৰিক টন চেনিও আছে । ইতিমধ্যে বুধবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ১২ খন ৰেল তিনিচুকীয়া আহি পাইছে " ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com