অসমৰ বিদুৎ উৎপাদন: অসমক প্ৰয়োজন ১,৮৫০ মেগাৱাট; উৎপাদন মাত্ৰ ২৬০ মেগাৱাট

অসমৰ বিদুৎ উৎপাদন: অসমক প্ৰয়োজন ১,৮৫০ মেগাৱাট; উৎপাদন মাত্ৰ ২৬০ মেগাৱাট

সমগ্ৰ ৰাজ্যতে বিদুৎ শক্তিৰ ব্যবহাৰ দিনক দিনে বৃদ্ধি পাইছে । কিন্তু তাৰ পৰিবৰ্তে শক্তি উৎপাদনৰ বৃদ্ধি নোহোৱাত সমস্যাৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ তথা ৰাজ্যবাসী। বৰ্তমান সময়ত ঘন্টাই প্ৰতি ১,৮৫০ মেগাৱাট শক্তিৰ প্ৰয়োজন হয় , কিন্তু ৰাজ্যৰ উৎপাদন হয় ২৬০ মেগাৱাট। অতি পৰিতাপৰ বিষয় যে , এ পি জি চি এল ( Assam power generation corporation ltd) য়ে শক্তি উৎপাদন বাবে মাত্ৰ ২ টা প্ৰকল্প গ্ৰহণ কৰিছে। এই প্ৰকল্প কেইটাৰ পৰা ৮০ মেগাৱাট উৎপাদন হয়। আন প্ৰকল্প সমূহৰ কাম বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই। অসমৰ নিজৰ শক্তি উৎপাদনৰ পৰিমাণ হ্ৰাস হোৱাৰ বাবে বাহিৰৰ পৰা ক্ৰয় কৰিব লগা হয়।

অসমৰ শক্তি উৎপাদন এনে দুখ লগা ছবি খনৰ কথা উল্লেখ কৰি বিধানসভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰকাশ কৰে যে , " ৰাজ্যত প্ৰয়োজনীয় শক্তি যোগান ধৰিবলৈ , কেন্দ্ৰীয় শক্তি প্ৰকল্প আৰু ৪ টা ব্যক্তিগত শক্তি প্ৰকল্পৰ পৰা ১,২০০ মেগাৱাট ক্ৰয় কৰাৰ কথা উল্লেখ কৰে। মুকলি বজাৰত শক্তি বিনিময়ত অসমে ৬৫০ মেগাৱাট লাভ কৰে।

চন্দ্ৰ মোহন পাটোৱাৰীয়ে লগতে প্ৰকাশ কৰে যে, " বিভিন্ন পৰ্যায়ত এ পি জি চি এলে বিভিন্ন প্ৰকল্পত কাম কৰি আছে । সেইসমূহৰ ভিতৰত ১০০ মেগাৱাটৰ নামৰূপ ৰিপ্লেচমেন্ট প্ৰজেক্ট, ৭০ মেগাৱাটৰ আমগুৰি সৌৰ শক্তি প্ৰকল্প, ১২০ মেগাৱাটৰ নামনি কপিলি জলবিদ্যু প্ৰকল্প । "

ৰাজ্যৰ বিদুৎ শক্তি গ্ৰাহকৰ সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, বৰ্তমান ৰাজ্যত ঘৰুৱা শক্তি গ্ৰাহক ৫২.২০ লাখ, ব্যবসায়িক গ্ৰাহক ২.৭৮ লাখ, উদ্যোগিক ব্যবসায়িক ২১,০০০ , চাহ, কফি, ৰবাৰ উদ্যোগৰ গ্ৰাহক ১,১৯০ আৰু অন্যান্য গ্ৰাহকৰ সংখ্যা ৯২,০০০ ।

বিধায়কৰ ভূবন পেগুৰ প্ৰশ্নৰ উত্তৰত চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, " ২০০৯ এন এইচ পি চি চুক্তি মতে , বিনামূলীয়াকৈ আমি ২৫ মেগাৱাট লাভ কৰিব আৰু অৰুণাচল প্ৰদেশৰ নামনি শুৱনশিৰি জলবিদ্যু প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত ২০৮ মেগাৱাট ক্ৰয় কৰিব।

অসমত বিদুৎ উৎপাদনৰ বৃহৎ সম্ভাৱনা থকাৰ পাছতো , অসমে বিদুৎ শক্তিৰ নাটনিত ভূগিব লগা হৈছে । প্ৰত্যেক ঘন্টাত অসমত ১৮৫০ মেগাৱাটৰ প্ৰয়োজন যদিও বিভাগে ১৩০০ মেগাৱাট যোগান ধৰিবলৈ সক্ষম হৈছে । ২০১৭-১৮ চনত প্ৰয়োজনীয় ১৭৫০ মেগাৱাটৰ পৰিবৰ্তে ১৪০০ মেগাৱাটহে যোগান ধৰিব পাৰিছিল । বৰ্তমান সময়তো ৩০০ ৰ পৰা ৪০০ মেগাৱাটৰ নাটনি হৈছে ।

ৰাজ্যয়ে নিজৰ উৎসৰ যোগেদি ৪০০ মেগাৱাটৰ অধিক উৎপাদন কৰিবলৈ সক্ষম হয়। সেয়েহে ৰাজ্যয়ে আনৰ পৰা অধিক দামত বিদুৎ ক্ৰয় কৰিব লগা হৈছে। ২০২২ -২৩ চনত ঘন্টাই প্ৰতি ৩০০০ মেগাৱাটৰ প্ৰয়োজন হব । এই ক্ষেত্ৰত বিদুৎ বিভাগে কি ব্যবস্থা গ্ৰহণ কৰিব, সৈতে এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com