Begin typing your search above and press return to search.

অসম নদী আৰক্ষী: চৰকাৰে নদী আৰক্ষীক অবহেলা কৰাৰ অভিযোগ

অসম নদী আৰক্ষী: চৰকাৰে নদী আৰক্ষীক অবহেলা কৰাৰ অভিযোগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 9:04 AM GMT

বৰ্তমান সময়ত ৰাজ্য চৰকাৰক অনুপ্ৰবেশকাৰী সকলক চিনাক্ত কৰা আৰু প্ৰত্যাবৰ্তনৰ ক্ষেত্ৰত যিমান তৎপৰ হোৱা পৰিলক্ষিত হৈছে । তাৰ পৰিবৰ্তে নদী আৰক্ষী ৰ সংস্থা সমূহ অৱহেলিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

অসমত বিভিন্ন পথৰে অনুপ্ৰবেশ ঘটা অবৈধ লোক সকলৰ প্ৰতিৰোধ কৰিবলৈ ১৯৭৯ চনত নদী আৰক্ষী সংগঠন স্থাপন কৰা হৈছিল । ব্ৰহ্মপুত্ৰৰে নাওঁৰে বাংলাদেশ অসমত আহি প্ৰবেশ কৰা , সামগ্ৰী সৰবৰাহ আদিৰ বাবে ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলত বসবাস কৰা অবৈধ লোক সকলক প্ৰতিৰোধ কৰিবলৈ নদী আৰক্ষী সংস্থাৰ প্ৰতিস্থা কৰা হৈছিল ।

নদী আৰক্ষী অসম আৰক্ষীৰ এটা গুৰুত্বপূৰ্ণ শাখা । নদী আৰক্ষীৰ সূত্ৰয়ে জনোৱা মতে , ৪ টা নদী আৰক্ষী থানা আৰু ৭ টা আউটপষ্টত ১০৪ টা পদৰ বিপৰিতে ৩৫ জন কনষ্টিবল , ৯ জন টা পদৰ বিপৰিতে এজন উপ আৰক্ষী অধীক্ষক আৰু ১০ জন নাৱৰীয়াৰ বিপৰিতে মাত্ৰা এজনক নিয়োগ কৰা হৈছে ।

অসম নদী আৰক্ষীৰ বৰ্তমানলৈকে ৭ খন ষ্টিল নাওঁ আৰু এখনো স্পিদ নাই । যেতিয়াই দ্ৰুতগতি নাওঁৰ প্ৰয়োজন হয় , সেই সময়ত ব্যক্তিগত এখন যোগান ধৰে বুলি নদী আৰক্ষীৰ এজন বিষয়ায়ে প্ৰকাশ কৰে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে , নদী আৰক্ষী সংস্থায়ে ডিজিপিলৈ সংগঠনটোত ২৫ গৰাকী মহিলাক সংস্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল । বৰ্তমানলৈকে ডিজিপিৰ ফালৰ পৰা কোনো উত্তৰ লাভ কৰা নাই ।

বৰ্তমান সময়ত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ পক্ৰিয়াত চৰকাৰে যিমান গুৰুত্ব প্ৰদান কৰিছে নদী আৰক্ষী সংস্থাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই হোৱা ।উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ দিন ১ মাহ পিছুৱাই। ৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত ।উচ্চতম ন্যায়ালয়ে এন আৰ চি চুৰান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । শুনানিতে এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে ।৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱা আৰু এন আৰ চিৰ নমুনা সমূহ পুনৰীক্ষণ কৰাৰ বাবে অধিক সময় বিচাৰিছিল কেন্দ্ৰয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত তালিকাত সন্দেহজনক লোকৰ উত্তৰাধিকাৰীৰ নাম অন্তৰ্ভুক্ত

Next Story
চাকৰি