অসমত শোচনীয় খোৱা পানীৰ ব্যৱস্থা

অসমত শোচনীয় খোৱা পানীৰ ব্যৱস্থা

অসমত খোৱা পানীৰ সমস্যাৰ প্ৰসংগটো কোনো নতুন কথা নহয় ৷ অসমৰ পিছপৰা অঞ্চলসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰাত দেশৰ বাকী অঞ্চলসমূহতকৈ আমাৰ ৰাজ্যখন বহুত পিছত আছে ৷ ৰাজ্যত ৮৮,০৭৬ পিছপৰা অঞ্চলসমূহৰ ভিতৰত কেৱল ৫৫,১৭১ টা অঞ্চলত খোৱা পানীৰ সুবিধা আছে।

ইফালে সম্প্ৰতি সমগ্ৰ ৰাজ্যত পিছপৰা অঞ্চলসমূহত পানীৰ ব্যৱস্থাটো অত্যন্ত মনকৰিব লগীয়া বিষয় ৷ পিছপৰা অঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ কেন্দ্ৰীয় জল সম্পদ বিভাগে বিত্তীয় সহায়তা প্ৰদান কৰিছে ৷ এই সকলো কাৰ্য কৰা হৈছিল ২০০৯ চনৰ ১ এপ্ৰিলত ৷ৰাজ্যখনত ৬২.৬ শতাংশ বস্তিত ১.৭৩ কোটি লোকে বাস কৰে । ৰাজ্যত মুঠ ২৩.১৩৭ টা অঞ্চল আংশিক ভাৱে আঁচনিৰ অধীনত আছে ৷

কিন্তু এক মন কৰিবলগীয়া কথা এয়ে যে ৰাজ্যত ৯৭৮৬ পিছপৰা অঞ্চলত খোৱা পানীৰ সুবিধা অত্যন্ত শোচনীয়৷ কাৰণ এই পানী প্ৰচুৰ পৰিমাণে ফ্ল’ৰাইট,আৰ্চেনিক, লোহা আৰু অন্যান্য শৰীৰৰ কাৰণে দূষিত পদাৰ্থসমূহ পোৱা গৈছে। ইফালে অসমত যিসমূহ আঁচনিৰ অধীনত পানী যোগানৰ ব্যৱস্থা অত্যন্ত শোচনীয় প্ৰদৰ্শন কৰিছে তাৰ ভিতৰত আছে মাজুলী ৷

মাজুলীত ৫৫৬ টা অঞ্চলৰ ভিতৰত কেৱল ১৭২ টাত জল যোগান আঁচনি আছে।উদালগুৰিত ২৪২০ অঞ্চলৰ ভিতৰত ২৯৮ টা,দক্ষিণ শালমাৰা অথবা মানকাছাৰত ৫৭৭ টা অঞ্চলৰ ভিতৰত ৩৩৩ টা,ডিমা হাচাওত ১১৪৬ অঞ্চলৰ ভিতৰত ৪৩৩ টা,বঙাইগাঁৱত ২৩৩২ টা অঞ্চলৰ ভিতৰত ৬৯৬ টা আৰু কাৰ্বি আংলঙত ১১২৫ অঞ্চলৰ ৪৫৮ টা বস্তিত পানীৰ ব্যৱস্থা অত্যন্ত শোচনীয়৷ গতিকে এই অঞ্চলসমূহৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল’ব সেৱা হ’ব লক্ষ্যনীয় ৷

দিছপুৰে যদি দক্ষিণ গুৱাহাটী পশ্চিম, দক্ষিণ গুৱাহাটী চেন্ট্ৰেল, দক্ষিণ গুৱাহাটী পূব আৰু উত্তৰ গুৱাহাটীৰ ৪ টা পানী যোগান আচনি প্ৰকল্পৰ কাম সম্পূৰ্ণ নকৰিলে ২০২৫ চনত গুৱাহাটী বাসীয়ে অভূতপূৰ্ব খোৱা পানী সমস্যাত ভূগিব ।

গুৱাহাটী উন্নয়ন খণ্ডয়ে ২০২৫ চনত গুৱাহাটীৰ সাম্ভাব্য ২৫ লাখ লোকক লক্ষ্য কৰি এই চাৰিটা পানী যোগান আচনি হাতত লৈছিল । কিন্তু প্ৰকল্পৰ কাম অতি লেহেমীয়া গতিৰে চলিছে বুলি প্ৰকাশ কৰে। প্ৰকল্পটোৰ কাম যেনেদৰে চলিছে ২০২৫ চনত সম্পূৰ্ণ নোহোৱাতো নিশ্চিত বুলি প্ৰকাশ কৰে এক সূত্ৰয়ে ।

বৰ্তমান প্ৰকল্পটোৰ অধিনত প্ৰত্যেক দিনে ১০ লাখ লোকৰ বাবে ১৩২ মিলিয়ন লিটাৰ পানী ধায্য কৰা হৈছে ।কিন্তু তাৰ বিপৰীতে চৰকাৰী সংস্হায়ে প্ৰত্যেক দিনাই ৭৯ মিলিয়ন লিটাৰহে যোগান ধৰি আছে বুলি সূত্ৰয়ে প্ৰকাশ কৰিছে । ২০২৫ চনত গুৱাহাটীত প্ৰত্যেক দিনাই ৩৫০ মিলিয়ন লিটাৰ খোৱা পানীৰ প্ৰয়োজন হব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com